বেটুপাত

বেটুপাত

Sunday, 11 June 2017

আচৰিত বৰুৱা

      এনে এক ঘটনাৰ কথা 'বলৈ ওলাইছো , ' আধুনিকতাৰ পৰিচয় দিবলৈ গৈ বকুল নন্দন বৰুৱা নামৰ এজন উচ্চ আৰক্ষী অধিক্ষক হৈ পৰিল " আচৰিত বৰুৱা "
     
এক দিশৰ পৰা চাবলৈ 'লে বৰুৱা এজন উচ্চ আৰক্ষী বিষয়া, তেওঁৰ অধিনত কেইবাখনো থানা থাকে একমাত্ৰ পুত্ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিবক্তা , ঘৰত পত্নী আৰু তেওঁ চাবলৈ 'লে বৰুৱা এজন অত্যন্ত সুখী মানুহ নিজৰ চুবুৰীত বৰুৱা সকলোৰে লগত সাধাৰণ মানুহৰ দৰেই মিলা প্ৰীতিত থাকে সৰু বৰ, ধনী দুখীয়া সকলো তেওঁৰ মানত সমান
 
এদিনৰ কথা ,,,
       
বৰুৱাৰ চুবুৰীৰ দুটাঘৰ এৰি শইকীয়াৰ ঘৰত বিয়া বৰুৱা সাধাৰণ মানুহৰ দৰে সেইদিনাও গৈছিল শইকীয়াৰ ঘৰলৈ কিন্তু , বৰুৱাক কোনো এজন লোকে আদৰ সন্মান বাদেই মাত এষাৰ দিবলৈও টান পালে কাৰণটো আছিল -- তেওঁ বিয়াঘৰলৈ এখন মখমলৰ ধূৰ্তি আৰু এটা সাধাৰণ পান্জ্ঞাৱী কূৰ্তা পিন্ধি গৈছিল
     
তাৰ পাছত বৰুৱাই কিছু কথাৰ উমান পাই ঘৰলৈ গুচি আহিল এইবাৰ বৰুৱা নতুন ৰূপত....এযোৰ কাঢ়া ইস্ত্ৰী কৰা কাপোৰ , পলিচ কৰা জোতা আৰু ডিঙিত এডাল টাই পিন্ধি পালেগৈ বৰুৱা বিয়াঘৰ।
   
এইবাৰ হে এইবাৰ ! কিযে আদৰ সন্মান সকলোৰে বৰুৱা চাৰ, বৰুৱা দা", বৰুৱা Uncle আৰু ' যে কি
   
এজনে হাতত ধৰি নি বঢ়োৱালেগৈ ভাতৰ পাতত। কিযে সন্মান ভাতৰ পাতত সকলো দিয়াৰ পাছত , বৰুৱাদেৱে কি কৰিলে দেখি সকলো হতভম্ব
ক্ষন্তেকতে বৰুৱাই নিজৰ গাত ঢালি 'লে গোটেই ভাতৰ পাতখিলা , আৰু 'বলৈ ধৰিলে.......... খা" ভাতখিনি মোৰ কাপোৰ যোৰেই খা", তয়েই খা" , তোৰ বাবেহে এই সন্মান
     
সকলোৱে আচৰিত মানিলে আৰু 'বলৈ ধৰিলে .........কিযে আচৰিত , বৰ আচৰিত মানুহ দেই
সেইদিনাৰ পৰাই বকুল নন্দন বৰুৱা হৈ পৰিল " আচৰিত বৰুৱা "
বৰুৱাই নতুন নাম পালে , কিন্তু বৰুৱাক কোনো বুজি নাপালে বৰুৱাইহে মাথোঁ বুজি পালে, আধুনিক যুগৰ আধুনিক মানুহৰ চৰিত্ৰ 

স্নিগ্ধা হাজৰিকা

No comments:

Post a Comment