বেটুপাত

বেটুপাত

Friday, 2 June 2017

শিল্পীৰ পৃথিৱী

সুবাসৰ শিল্পীৰ পৃথিৱী শিতানত এইবাৰৰ শিল্পী
“ ভণ্টি তুমি ধুনীয়া “ আদিকে ধৰি বহুকেইটা জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগতৰ এটি চিনাকি নাম                       জাষ্টিন ৰিয়ান
(১) আপুনি অসমৰ সংগীত জগতৰ এটা চিনাকি নাম ।সংগীতৰ জগতখনৰ প্ৰতি আপুনি কিদৰে আৰ্কষণ হল ?
উত্তৰ:- আকৰ্ষণ সৰুৰে পৰাই  আছিল, সৰুতেই স্কুলত গান গাইছিলোঁ   আৰু গানৰ  প্ৰাথমিক শিক্ষা লৈছিলো |                                  তাৰপিছত ওচৰৰ মঞ্চসমূহত গীত পৰিবেশনৰ বাবে নিমন্ত্ৰণ পাইছিলো | তেনেকৈয়ে লাহে লাহে সংগীত জগতত সোমাই পৰিলোঁ ।

(2) বৰ্তমান সময়ত অসমত পেছাদাৰী গায়ক তথা শিল্পীৰ ভৱিষ্যত সম্পকে আপোনাৰ মতামত?
 উত্তৰ:-বৰ্তমান বহুতো শিল্পীয়ে নতুন গান সৃষ্টিৰ লগতে সস্তীয়া জনপ্ৰিয়তাৰ বাবে কিছুমান অযথা বিতৰ্ক সৃষ্টি কৰে , আৰু গীতৰ কথাত কিছুমান বিজতৰিয়া শব্দৰ পয়োভৰ দেখা যায় ।
      এইবোৰে তেওঁলোকক সস্তীয়া জনপ্ৰিয়তা দিলেও ভৱিষ্যতে এজন ভাল গায়ক হিচাপে   প্ৰতিষ্ঠা  কৰিব পাৰিব বুলি সন্দেহ আছে মোৰ ।

(৩) আজিৰ পৰা ৫ বছৰ পিছত আপুনি নিজকে কত চাব বিচাৰে?
উত্তৰ:-বলিউদ , বলিউদত কাম কৰাৰ বহুতো হেঁপাহ আছে ।

(৪) আপোনাৰ সফলতাৰ আৰত থকা কোনো বিশেষ ব্যক্তি?
উত্তৰ:- বিশেষ এজন ব্যক্তিৰ নাম ললে ভুল কৰা হ'ব , বহুত ব্যক্তি আছে , মোৰ মা , দেউতা , মোৰ পৰিয়াল , মোৰ ওচৰ-চুবুৰীয়া,  বন্ধু - বান্ধৱ , প্ৰণৱ দা , মৃদুল দা, লগতে মোৰ প্ৰতিটো কামত গঠনমূলক সমালোচনা  , পৰামৰ্শৰে আগুৱাই নিয়া কৌস্তুভ বৰা , অনুৰাগ বৰা , অপৰ্ণা ৰাণী , সৌৰভ দত্ত , ভাস্কৰ চহৰীয়া , জনাৰ্দন দাস আদি সকলোৱেই মোৰ প্ৰেৰণাৰ উৎস ।

(৫) ব্যক্তিৰ জীৱনত প্ৰেম,ভালপোৱাৰ গুৰুত্ব সৰ্ম্পকে আপোনাৰ মতামত।
উত্তৰ:- ভাল পোৱা , প্ৰেম এইবোৰ মানুহৰ জীৱনত প্ৰয়োজনীয় , প্ৰেমে মানুহক সৎ পথত আগবঢ়াত আৰু কৰ্মময় জীৱনৰ অনুপ্ৰেৰণা দিয়ে । কিন্তু ইয়াৰ ভুল ব্যৱহাৰৰ ক্ষতি নথকা নহয় ।

(৬) সংগীতৰ পথাৰত নতুনকৈ খোজ পেলাব বিচৰা সকললৈ আপোনাৰ কবলগীয়া ।
উত্তৰ:- ময়ো পুৰণা নহয় , কিন্তু যি সকলে নতুনকৈ সংগীতৰ পথাৰ খনত নামিছে , বা নামিব , তেওঁলোকক অনুৰোধ যাতে গানৰ গুণগত মানদণ্ডৰ ওপৰত চকু দিয়ে , আৰু অসমীয়া মাটিৰ গোন্ধ থকা গান যেন বনাই , প্ৰচাৰত গুৰুত্ব কমকৈ দি ভাল গান বনোৱাত গুৰুত্ব দিব লাগে ।

(৭) আপনাৰ কাৰ গান শুনি ভাল লাগে?
উত্তৰ:- নিশ্চয়কৈ জুবিন দা।

(৮) জাষ্টিন দাৰ আৰ্দশ ব্যক্তি?
উত্তৰ:- জুবিন দা , জুবিন দাৰ অসমৰ প্ৰতি থকা মৰম , জুবিন দাৰ সৃষ্টিৰাজীক অনুকৰণ কৰি মই সদায় আগুৱাই যাব বিচাৰো ।

(৯) আজৰি সময়ত কি কৰি ভাল পায়?
উত্তৰ:- আজৰি সময়ত সামাজিক কাম কিছুমান কৰোঁ , মানুহৰ বাবে কাম কৰি ভাল পাওঁ ।


(১০) আমাৰ আলোচনী সম্পৰ্কত  দুৱাষাৰ
উত্তৰ:- সুৱাস আলোচনী খনে অসমৰ সাহিত্য জগতলৈ বহুতো বৰঙণি আগবঢ়াই আছে , বহুতো ন-পুৰণি লেখক লেখিকাক এখন মঞ্চ দিছে , এয়াই এক বহুতো প্ৰশংসনীয় পদক্ষেপ । আলোচনী খন দীৰ্ঘজীৱী হওক তাৰেই কামনা কৰিলোঁ । ধন্যবাদ

সাক্ষাৎ গ্ৰহণকাৰী :- দেৱব্ৰত শৰ্মা, মুখ্য সম্পাদক , সুবাস 

No comments:

Post a Comment