বেটুপাত

বেটুপাত

Sunday, 11 June 2017

পত্নী

  নিজৰ বংশ মৰ্যাদা আৰু আভিজাত্যক লৈ কেতিয়াও অহংকাৰ নকৰা সুপুৰুষ ৰমাকান্ত বৰুৱাই একমাত্ৰ পুত্ৰ অলকেশৰ বাবে বিয়া কৰাই আনিছিল কোনো এক অখ্যাত ভিতৰুৱা গাওঁৰ অতি দৰিদ্ৰ পৰিয়ালৰ ছোৱালী ৰমলাকৰমাকান্ত বৰুৱা আছিল অতি চতুৰ আৰু দুৰদৰ্শী লোক,তেওঁ ভালকৈয়ে বুজিছিল  পুত্ৰ অলকেশৰ দাম্ভিক চৰিত্ৰক ! এগৰাকী গুনী বোৱাৰীয়েহে তাক সঠিক পথত আনিব পাৰিব বুলি তেওঁ ৰমলাক হেপাহেঁৰে  বোৱাৰী কৰি আনিছিল !! কিন্তু বিয়াৰ এমাহ নৌহওঁতেই ৰমাকান্তৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হয় মৃত্যু হৈছিল,পতি শোকত ম্ৰিয়মান হৈ এবছৰ পিছতেই মৃত্যু হৈছিল ৰমাকান্তৰ পত্নীৰো ! ঘৰখন খালী হৈ পৰিছিল ৰমলাই লাহে লাহে  চম্ভালি লৈছিল সকলো দায়িত্ব !
কিন্তু অলকেশ যেন উদাস আৰু অন্যমনষ্ক ৰমলাৰ প্ৰতি ! বিয়াৰ পিছৰ প্ৰথম কেইটামান ৰজনীয়েই বিবাহিত জীৱনৰ ভবিষ্যত নিৰুপন  কৰে, উন্মোচিত হয় শৰীৰ ,তাতোকৈ অধিক উন্মোচিত হয় হৃদয় ! কিন্তু ৰমলাই বুজি উঠিছিল অলকেশৰ শৰীৰত,স্পৰ্শত আছিল মাথো ক্ষূধা আৰু ভোক ! তাত নাছিল আবেগ নাছিল মৰমৰ উম  !! উপায় নাছিল ৰমলাৰ ! ভাগ্যক ধিয়াই আৰম্ভ কৰিছিল তাইৰ সংসাৰ ! সময় আগবাঢ়ি গৈ থাকিল,এটা এটা কৈ দুটা পুত্ৰ সন্তান আৰু এগৰাকী কন্যাৰ মাতৃত্বৰে ৰমলা পুৰঠ হৈ উঠে 

গৰু,ছাগলী,হাঁহ পাৰ, বৃহৎ পুখুৰী, আগফাল পিছফাল শুৱনি বৃহৎ বাৰী ৰে সম্পূৰ্ণ সংসাৰী মানুহজনীয়ে টা কৈ সন্তানৰ আলপৈচান ধৰি স্কুললৈ পঠোৱাৰ পিছত, অলকেশৰ বাবে তিনি চাৰিবিধ ব্যঞ্জনেৰে যেতিয়া পুৱাৰ ভাত সাঁজ যোগাৰ ধৰে তেতিয়া তেওঁ নিজে ঘামত বুৰ গৈ থাকিও মানুহজনক বিচনীৰে বিচি থাকে !! বিপৰীতে তেওঁ লাভ কৰে সামান্য অজুহাততে অলকেশৰ হৃদয় ভেদি যোৱা শব্দশেল ! তথাপি মানুহজনী হাৰি নাযায় !! আগুৱাই গৈ থাকে সময়,অতি দাম্ভিক অলকেশ বৰুৱাই ৰমলাক বঞ্চিত কৰে মাতৃত্বৰ স্নেহ কণৰ পৰাওঁ ! দুই পুত্ৰক চহৰলৈ পঠায় দিয়ে উচ্ছশিক্ষাৰ বাবে আৰু  পুত্ৰদ্বয় চহৰৰ স্থায়ী বাসিন্দা হৈ পৰে একমাত্ৰ কন্যাক বিয়া  দি অলকেশ বৰুৱা মুক্ত হৈ পৰে ! পুনৰ এবাৰ সম্পুৰ্ণ অকলশৰীয়া হৈ পৰে ৰমলা !!
গোটেই জীৱন মাত্ৰ  যশ,খ্যাতি আৰু অৰ্থ উপাৰ্জনৰ পিছত দৌৰা অলকেশ  বৰুৱাই  এবাৰো নাভাবিলে পত্নীৰ আশা আশাংকা  ইচ্ছা অনিচ্ছাৰ কথা !! এইবোৰ আছিল তেওঁৰ বাবে মাত্ৰ  সময়ৰ  অৰ্থহীন অপচয় ! কিন্তু তাৰ বিনিময়ত ৰমলাই তেওঁক দি গৈছিল  জীৱনজোৰা সান্নিধ্য, সাহস, মৰম আৰু ভালপোৱা !! দৈনন্দিন কাম কাজ কৰা আৰু প্ৰয়োজনত তেওঁৰ শাৰীৰিক ক্ষুধা নিবাৰনৰ বাদে অলকেশে কেতিয়াও ৰমলাক বিশেষ মৰ্যদা নিদিলে  !! 

ৰমলা সিদিনা এদিনৰ জৰতেই ঢুকাই থাকিল ! তেওঁৰ মৃত্যুৰ আগ মুহুৰ্তত অলকেশ ৰমলাৰ কাষত বহিছিল ! বহু যুগ যেন তেওঁ সেই নাৰীৰ  মুখৰ ফালে চোৱা নাছিল এনে লাগিল তেওঁৰ !! নিঃশব্দে দায়িত্ব পালনত পিষ্ট হৈছিল এটি জীৱন ! ক্ৰমাৎ ঘোলা হৈ অহা দুচকু,ৰক্তহীন ,মাংসহীন নৰকংকাল সদৃস নিঃশেষ হোৱা ৰমলাক  এজনী জীয়া মানুহ বুলি ভাবিব অলকেশ বৰুৱাৰ টান লাগিছিল ! শৰীৰৰ একমাত্ৰ জীৱিত চিহ্ন হিচাপে থকা  বুকুৰ ঢপঢপনিও মাৰ গৈছিল এটা সময়ত !
বৃহৎ ঘৰটোৰ নিমিওমাও পৰিবেশত, চৰা ঘৰৰ বেৰত ৰমলাৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ ছবি খন ওলমি  আছিল, কোনোবাই আঁৰি থৈছিল বকুলৰ মালা এডালো ! প্ৰৌড়ত্বৰ দুৱাৰ ডলিত অলকেশ বৰুৱাই উপলব্ধি কৰিছিল ৰমলাৰ  অন্তৰত  সীমাহীন মৰম, আকুলতা  আৰু আছিল তেওঁৰ প্ৰতি গভীৰ আনুগত্যৰ এখন বিশাল নদী,যি বৈ গৈছিল প্ৰাৰ্থনাৰ দৰেই ! গোটেই জীৱন ! বৰুৱাই বেছি সময় ফটো খনৰ ফালে চাই থাকিব নোৱাৰিলে,ৰমলাৰ মুখৰ চিন নিচিন হাঁহিটোৱে  যেন দি গৈছিল তেওঁক -পৰিতৃপ্ততা আৰু অসম্পূৰ্ণতাৰ অভিশাপ !! অভিশাপ জীৱনযোৰা অপৰাধবোধৰ ,এক বিশাল শূণ্যতাৰ !!



ধনমনি তালুকদাৰ

বিষন্নতাৰ আন্ধাৰ

জীৱনৰ বিশাল সাগৰত ,
পালতৰা নাওঁ বাই বাই
ভাগৰুৱা দুহাত।
বুকুৰ সীমনাত নাওঁ ৰাখি ,
আমঠুৰ লুনীয়া আঠা বালিত 
আলফুলে আকিঁছিলো প্ৰতিচ্ছবি তোমাৰ
কিন্তু , বুকুৰ গভীৰ জলধাৰাৰ
ওখ ওখ জোৱাৰ ভাঁটাই 
উটুৱাই নিয়ে প্ৰতিবাৰে 
তোমাক ......
মোহাৰি নিয়ে ক্ৰমশঃ মোকো
অসহায় অসহায় মই।
দুগালেদি বাগৰে লুনীয়া লোতক ;
মই যেন ক্ৰমান্বয়ে নিঃশেষ হৈ গৈছো
ম্লান পৰি ৰয় মোৰ দগ্ধ কলিজা ...
নিয়তিয়ে আজি মোক উপহাস কৰে
তুমি যে নাই মোৰ ছাঁ হৈ;
সেইবাবেই ....
এতিয়া নিৰস আৰু নিমাত মোৰ সৰ্বশক্তিমান,
কল্পনাৰ দাপোনখনো দেখোন অস্পষ্ট ....
নিজকে মই দেখা পোৱা নাই,
উসঃ বৰ যান্ত্ৰনা .......
প্ৰেম হীন মই এতিয়া 
পিয়াহত আতুৰ মই তৃষ্ণাতুৰ,
কলিজাটোৱে চটফটাইচে
উচুপিছে 
চাৰিওফালে মৰিশালিৰ নিষ্প্ৰভতা
আন্ধাৰ মাথো আন্ধাৰ

ৰূপালী দত্ত
কৰঙা কাটনী গাওঁ
চিনামৰা যোৰহাট