বেটুপাত

বেটুপাত

Friday, 14 April 2017

Love At Frist Sight


               
           ফুৰিবলৈ যাও বুলি  ঘৰৰ পৰা ওলায় চহৰ পাইছিলোহে, আহিল নহয় আপদীয়া  বৰষুন জাক। ক্ষণিক আগলৈকে ওলায় থকা বেলিতো হঠাৎ যেন কাৰোবাৰ চাদৰৰ আচলত লুকাই পৰিল।
            দৌৰি গৈ বাছ এখনত উঠিলো। মানুহ ভৰ্ত্তি হোৱা নাছিল, লাহে লাহে  ভিতৰলৈ সোমাই গৈ খিড়িকীৰ কাষৰ চিট এটাত বহিলো। অভ্যাসগতভাৱে হেডফোনডাল উলিয়াই প্ৰণৱ কুমাৰ বৰ্মনৰ "বৰষুনৰ দিনত তোমালৈ মনত পেলাম" কবিতাতো প্লে' কৰি ললো । কাষৰ গ্লাছ খনেৰে বাহিৰেদি বৰষুনৰ  পানী তললৈ বৈ গৈছে। হাতেৰে গ্লাছখনৰ কিবা এটা অকাৰ চেষ্টা কৰিলো। অনৰ্থক……!!!  একোৰে আকৃতি নললে।
              কমলা পচন্দৰ পেকেটটো ফালি মিলাই লৈ মুখত ভৰাই স্বভাবসুলভ ভাবে ধোৱাবোৰ উৰোৱাই দি বহি আছো । হঠাৎ কাষত কাৰোবাৰ উপস্থিতি অনুমান কৰিলো। নাকত দামী পাৰফিউমৰ সুৱাস লাগিলহি। ঘূৰি চাই দেখো ধুনীয়া ছোৱালী এজনী। উফ্ কি ধুনীয়া চকুজুৰি……!!!
সেউজীয়া চুৰিদাৰ জোৰত তাইক বহুত ধুনীয়া লাগিছিল। ৰ' লাগি চাই আছিলো মই………!!!!
মোলৈ চাই মুখখন লৰোৱাত অনুভৱ কৰিলো, তাই মোক কিবা কৈ আছে। হেডফোনডাল খোলাত শুনিলো
"মুখৰ সেইসোপা পেলাওক না প্লিজ । গোন্ধতো অসহ্য "।
           গাড়ীৰ সকলোৱে মোলৈ চাই আছে। উঠি গৈ বাহিৰত পেলাই আহি দেখিলো, তাই মোৰ প্ৰিয় খিড়ীকিৰ  চিটতো দখল কৰিলে। কাষৰ মানুহবোৰলৈ চাই অনুভৱ কৰিলো তাই মোক সাংঘাটিক অপমান কৰিলে | হেডফোনডালৰ বাবে মই প্ৰথমে একো শুনা নাছিলো,সেয়ে হয়টো খং নুঠিল। মনে মনে কাষৰ চিটটোত বহিলো। ইতিমধ্যে বাছখন চলিবলৈ আৰম্ভ কৰিলে |
জীৱনত প্ৰথম বাৰৰ বাবে গুটখা খোৱাক লৈ লজ্জিত হৈছিলো যদিওবা ছোৱালী জনীক ভাল লাগিছিল । নামটো সুধিব বিচাৰিছিলো , ভয় লাগিছিল জানোচা ভূল ভাৱে । লাহে লাহে নিজকে দুৰ্বল অনুভৱ কৰিছিলো। কিছুসময় পাছতে তাই কলে," বেয়া নাপাব, গুটখাৰ গোন্ধ মই একেবাৰে সহ্য কৰিব নোৱাৰো। সেয়ে আপোনাক বেয়াকে কলো,ছৰি। পিছে আপুনি কলৈ যাব?"
ময়ো কথা পাতিবলৈ আৰম্ভ কৰিলো। কিমান সময় এনেদৰে পাৰ হৈ গল ধৰিবই নোৱাৰিলো । মাজতে নামটোও সুধিলো,নীৰু………নীৰুপমা……
         বাছ যাত্ৰাৰ সময়খিনি মোৰ প্ৰিয় সময়লৈ পৰিবৰ্তন হৈছিল ।  লক্ষিমপুৰত তাই বাছৰ পৰা লৰালৰিকৈ নামি ল'ৰা এজনৰ বাইকত উঠি মোৰ ফালে চাই ধুনীয়া হাঁহি এটা মাৰি গুছি গৈছিল।নেদেখা হোৱালৈ মই চাই আছিলো তাইক।
এয়াই আছিল আমাৰ প্ৰথম আৰু শেষ দেখা । বহু দিন…..!!!!!
          পাৰ হোৱাৰ পিছতো তাইক পাহৰিব পৰা নাছিলো । তাইৰ ধুনীয়া মুখখন মনলৈ আহি থাকিছিল আৰু আজি তাইৰ সৈতে আকৌ দেখা দেখি।  কিন্তু এইবাৰ দাদাৰ বন্ধু এজনৰ ঘৰৰ ড্ৰয়িং ৰুমততাইৰ ফটোখন ৱালত ডাঙৰকৈ বন্ধাই থোৱা আছে। সেউজীয়া চুৰিদাৰজোৰেই পিন্ধি থকা । ওচৰলৈ গৈ চাবলৈ ধৰিলো। মুখৰ পৰা আপোনা আপুনি ওলায় গ'ল:- নীৰু ……নীৰুপমা ।
দাদা জনে কাষলৈ আহি কলে, মোৰ ভন্টি,কালিলৈ  তাইৰ  তৃতীয় মৃত্যু বাৰ্ষিকী।

এয়াই মোৰ প্ৰথম আৰু শেষ প্ৰেম ।

অনুপম বৰুৱা

No comments:

Post a Comment