বেটুপাত

বেটুপাত

Friday, 14 April 2017

আজিৰ চিন্তা

উঠি অহা নৱপ্ৰজন্ম আৰু তাত অভিভাৱকসকলৰ ভূমিকা কেনেকুৱা হোৱা উচিত ?
             এই যে এখন সমাজৰ আদব কায়দাত নিজকে মিলাই লৈছোঁ ভালে হওঁক বা বেয়াই হওঁক অলপ সুস্থ চিন্তাৰে ভাবিব 'লে বহু কথাই মনলৈ আহে যিটো আমাৰ বাবে বিবেচনাত্মক আমাৰ  সুস্থ চিন্তাৰে এখন সমাজৰ কিমান উন্নতি হব! সেয়া ভাবিলেই মনটো ভাল লাগে আজিৰ প্ৰজন্মৰ সাধাৰণতে চকুত পৰা বিষয়টো হল অশ্লীলতা আৰু অলপ নিজক চৌখিন কৰা কিবা যেন ৰস পোৱাৰ দৰে সেই বিষয়বোৰতে নিজক সপি দিয়াৰ বাহিৰে বেলেগ একো নেদেখে 
            কিন্তু তাৰ বাহিৰেও দেখোন আমাৰ কৰিবলৈ বহুত কাম আছে নিজক এজন সুনাগৰিক হিচাপে গঢ়ি তুলিব নোৱাৰো নে? ভাল চিন্তাৰে নিজকে সলনি কৰিব পৰাটো আটাইতকৈ ডাঙৰ কথা আৰু এই ক্ষেত্ৰত আমাক প্ৰথমেই অভিভাৱকসকলৰ অনুপ্ৰেৰণা খুবেই প্ৰয়োজন
            আজিৰ নৱপ্ৰজন্মৰ বাবে এজন ভাল অভিভাৱকৰ গুৰুত্ব কিমান ? তাক হয়তো আমি নুই কৰিব নোৱাৰো। কাৰণ আজিৰ নৱপ্ৰজন্ম ভৱিষ্যতে দেশৰ নাগৰিক আজিৰ প্ৰজন্মক সুস্থ চিন্তাৰে আগুৱাই নিবলৈ অভিভাৱকসকল সজাগ হোৱা উচিত
          প্ৰথম কথা অভিভাৱক বুলি কলে মাক দেউতাকেই প্ৰথমে অগ্ৰাধিকাৰ লয় এটা 'ৰা বা এজনী ছোৱালীৰ প্ৰথম শিক্ষা এখন ঘৰৰপৰাই আৰম্ভ হয় ভাল বেয়া এই দুয়োটা শিক্ষা দিয়াটো এখন ঘৰৰ কৰ্তব্য
          অভিভাৱকৰ নৈতিকতাৰ শিক্ষাই তেওঁলোকৰ সন্তানক ভালদৰে আগুৱাই নিয়াত সহায় কৰে কাৰণ এজন অভিভাৱকে নিশ্চয়কৈ জানে যে তেওঁৰ সন্তানৰ বাবে কি ভাল কি বেয়া কিন্তু এনে কিছুমান অভিভাৱকো আছে যিয়ে নিজৰ পৰিৱেশ তথা সমাজখনৰ লগত মিলাবলৈ গৈ নিজৰ সন্তানৰ ভৱিষ্যত গঢ় দিয়াত বাধা হৈ পৰে আৰু কিছুমান ক্ষেত্ৰত সন্তানৰ সকলো দাবী পূৰণ কৰিবলৈ গৈ বহুতো অভিভাৱকে মূৰে কপালে হাত দিবলগীয়া হয় তেনে ক্ষেত্ৰত হয়তো প্ৰথমাৱস্থাত অভিভাৱকসকলেই দায়ী কাৰণ নিজৰ সন্তানক তেওঁলোকে অধিক মৰম তথা সন্তানৰ দাবী পূৰণৰ বাবে উঠি পৰি লাগিছিল একমাত্ৰ এখন সমাজৰ লগত মিলাবলৈ যাওঁতে বা পৰিৱেশৰ লগত খাপ খোৱাবলৈ ডাঙৰ হৈ 'ৰা ছোৱালীবোৰে যেতিয়া নিজৰ প্ৰয়োজনতকৈ অধিক বিচাৰি মাক দেউতাকৰ অবাধ্য হয় তেতিয়া সেইসকল মাক দেউতাকে নিশ্চয় অনুভৱ কৰে চাগে , যে তেওঁলোকৰ শিক্ষাতে হয়তো ভূল আছিল , অভাৱ কি বুজাবলৈ পাহৰি ' কিন্তু মই সেইসকল অভিভাৱকক ধিক্কাৰ দিওঁ যিয়ে নিজৰ সন্তানক পৰিচালনা কৰিব নোৱাৰে
          আজিৰ ব্যস্ততাৰ সমাজখনত আজিৰ প্ৰজন্মই কি কৰিছে সেয়া ভাবিবলগীয়া ভালবোৰে সদায় ভাল কৰি গৈ আছে আৰু বেয়াবোৰেও নিজক এবাৰ হলেও চিনাকি দিবলৈ আগবাঢ়ি আহিছে কিন্তু আমি ভালটো গ্ৰহণ নকৰি কিয় বেয়াটোৰ পিছে পিছে যাওঁ ????? কিয় আমি বেয়াখিনি বেছিকৈ আলোচনা কৰো ? আমি বেয়াটো যিমান বেয়াকৈ আলোচনা কৰো ঠিক তেনেকৈ ভালটোকো যদি আলোচনা কৰিলো হয় তেতিয়া হয়তো আমাৰ সমাজখন আৰু আগুৱাই নিব পাৰিলো হয় এখন সুস্থ সমাজৰ বাবে আমি নৱপ্ৰজন্মই এবাৰ হলেও ভাবি চাওঁ আহকচোন সদায় ভালৰ দিশে আগুৱাই যাওঁ আহকচোন এবাৰ ... কাৰণ এই বাট যে পোহৰৰ
         আমাৰ অভিভাৱক সকলে আমাক ভালকৈ পৰিচালনা কৰক আমাক নৈতিক , সামাজিক সকলো শিক্ষা দিয়ক এটা সময়ত বৰ্জন কৰক মানুহৰ তুচ্ছ তাচ্ছিল্য সেই সময়ত সমাজৰ আধুনিকতা আৰু নিজৰ আভিজাত্য বাদ দিয়ক,  যি সময়ত আমাক শিকোৱাৰ সময় 

অনুৰাধা বৰুৱা



No comments:

Post a Comment