বেটুপাত

বেটুপাত

Friday, 14 April 2017

বিধবা আৰু সম্প্ৰতি সমাজ



 “নাই এয়া মিছা কথা ........”
         ফোনটো কাটি নিৰলাই চিঞৰি চিঞৰি কান্দিব ধৰিলে ওচৰ চুবুৰীয়া সকলো গোট খালে | কি হল সোধাত নিৰলাই কান্দি কান্দি কলে ৰঞ্জীত যি খন গাড়ীত কামলৈ গৈ আছিল সেইখন গাড়ী বোলে দুৰ্ঘটনাত পতিত হৈছে আৰু ৰঞ্জীতৰ বোলে …??? তাই কান্দি কান্দি লেবেজান হৈ পৰিল,মাত্ৰ তিনিবছৰ আগতে নিৰলা ৰঞ্জীতৰ লগত বিবাহপাশত আবদ্ধ হৈছিল, 2 বছৰীয়া মৌক  লৈ তাই কেনেকৈ জীৱনৰ বাকী সময়ছোৱা পাৰ কৰিব ?? তথাপি তাই বুকুত অদম্য সাহস লৈ মৌ ডাঙৰ দীঘল কৰাৰ  সিদ্ধান্ত ললে।
ফুল কুমলীয়া নিৰলাই সপোনতো ভবা নাছিল যে জীৱনৰ অতি কমবয়সতে তাই বগা কাপোৰ জোৰৰ লগত এক এৰাব নোৱাৰা সমন্ধ মাজত সোমাই পৰিব।  কি নিষ্ঠুৰ ভগৱান !!!!!
হেজাৰটা জীয়া সপোন পলকতে টছ- নচ কৰিবলৈ অকণো বেয়া নালাগিল তেওৰ | অজাতি ছোৱালী অনা বাবে ৰঞ্জীতৰ লগতে নিৰলাকো ঘৰৰ পৰা উলিয়াই দিছিল তাই আকৌ সেই খন ঘৰলৈ উভতি যোৱাৰ কথা ভাবিবই নোৱাৰে।
ৰঞ্জীতৰ অন্তেষ্টি ক্ৰিয়া কৰ্ম যোৱাৰ পিছত নিৰলাই সি কাম কৰা মেগী কোম্পানীটোত কাম কৰিবলৈ ললে কিন্তু ৰঞ্জীতৰ বিয়োগৰ পিছত তাই বাস কৰা সমাজখনো যেন হঠাতে সলনি হৈ গল | এক কৌতুহল দৃষ্টিৰে তাইক ওচৰ চুবুৰীয়াই চাব ধৰিলে চাৰিওফালে তাইক লৈ বু বু বা বা ওলাব ধৰিলে, কিন্তু তাইৰ খবৰ লবলৈ ওচৰ চুবুৰীয়াৰ আহৰি নহল।
এদিন কোম্পানীত এক বিশেষ সভা থকাৰ বাবে তাই এযোৰ বেলেগ ৰঙৰ পোছাক পিন্ধি গল মনৰ দুখবোৰ লুকুৱাবলৈ অনিচ্ছা স্বত্তেও উঠত  অকণমান সৰু প্ৰলেপ ললে কিন্তু পিছদিনা সিহঁতৰ চুবুৰীত যিটো কথা ওলাল নিৰলাই জীয়াই থকাৰ সাহস কোনো হেৰুৱাই পেলালে। বিধবা হল বুলিয়ে তাই কি উঁঠত লিপষ্টিক কনো লগাব নোৱাৰিব নেকি ?? এযোৰ ভাল পোছাক পিন্ধিব নোৱাৰিব নেকি  ?? তাইৰ তো একো দোষ নাছিল | কেনেকৈ তাই সেইখন সমাজৰ লগত মোকাবিলা কৰিব ??? এইখন সমাজে এদিন তাইৰ বিয়াৰ নৈশ ভোজনত হাত চেলেকি চেলেকি মাছ মাংসৰ জুতি লৈছিল আৰু আজি  তাইৰ  ঘোৰ শত্ৰু অভাৰ টাইম কাম কৰি তাই যেনে তেনে মৌ অভাৱবোৰ পুৰণ কৰি আছে কিন্তু আজি তাই বাহিৰলৈ ওলাব নোৱাৰে, এযোৰ ভাল পোছাক পিন্ধিব নোৱাৰে | তথাপি তাই জীয়াই থাকিবলৈ ললে। কিন্তু সমাজখন সলনি নহল।
মৌ ডাঙৰ হৈছে |
 আজি মৌ পুস্পিতা বিবাহ সম্পন্ন হল সেইখন সমাজে আকৌ তাত খাবলৈ কুণ্ঠাবোধ নকৰিলে, কিন্তু তাৰ পৰা অহাৰ পিছত আকৌ আৰম্ভ   হল   নিৰলাৰ বদনাম | তাইৰ হেনো নানান পুৰুষৰ লগত অবৈধ সম্পৰ্ক আছে সেই কাৰণে তাই ইমান ধুনীয়াকৈ জীয়েকৰ বিয়া পাতিব পাৰিছে আৰু কত কিমান বদনাম। আৰু এদিন অধৈৰ্য হৈ নিৰলাই মৌক লৈ সেইখন ঠাই এৰিবলে বাধ্য হল আৰু আজি তাই ঠিকনা হীন হৈ পৰিল।
সঁচাকৈ আমাৰ সমাজত আজি কালি প্ৰায় এই বোৰ ঘটনা হৈ থাকিব ধৰিছে হয়তো গিৰিয়েক ঢুকুৱাৰ পিছত| এজনী মহিলাই নিজক কিমান সংযত কৰি ৰাখে সেয়া হয়তো ভুক্ত ভোগী মহিলাগৰাকীয়েহে  উপলব্ধি কৰে

গিৰিয়েক ঢুকুৱাৰ পিছত  কিমান ডাইনী সঁজাইছে ঠিক নাই কিমান বিধবাক বেয়া চকুৰে চাইছে ঠিক নাই কিন্তু বন্ধ নহবনে এইবোৰ আমাৰ সমাজৰ পৰা ।শুনা মতে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে কিন্তু এজনী বগা পোছাক আঁৰত লুকাই থকা নাৰীৰ ক্ষেত্ৰত কিয় ইমান অন্যায় সেয়া এক ডাঙৰ প্ৰশ্ন বোধক? মানসিকতা আৰু বিচাৰ বুদ্ধি সলনি কৰকসমাজ নিজে সলনি হব।

আৰ জে ৰিয়ান

No comments:

Post a Comment