বেটুপাত

বেটুপাত

Friday, 14 April 2017

ন্যায়

                                                                                                                                   এক মিনিটৰ গল্প
                             
          আনদিনাৰ দৰেই  পিংকুৱে ফোনত কথা পাতি আছে। পিংকুৰ পত্নী মালা কোঠালৈ পুৱাৰ চাহকাপ লৈ সোমাই আহিছে। ফোনত পিংকুৰ কথোপকথনে মালাক এই ছমাহে পিংকুৱে দিয়া মনৰ ঘাঁটো খুচৰি দিলে।
            ".. ..উম.... আছে ওচৰতে..মালাৰ ফালে কেৰাহিকৈ চাই হাঁহি .. বাদ দিয়া..হু কেয়াৰচ্..লাভ য়ু.. মুৱাহ."
           তাই গৰম চাহকাপ থেকেচা মাৰি 'লে। আজি ছয়মাহে তাই পিংকুৰ অন্তৰ জিকিবলৈ চেষ্টা কৰি আছে, হৃদৰোগী দেউতাকৰ কথা ভাবি।
           ধৈৰ্যৰো এটা সীমা আছে। চকু ডাঙৰ কৰি পিংকুক সুধিলে তাই "তুমি নেৰিবা নেকি এই চব? সেইবোৰ আছিল যদি মোক কিয় বিয়া পাতিছিলা?"
খঙেৰে চালে সি তাইলৈ, তাৰ পাছত মাকক চিঞৰিলে,
" মা' , ' মা! ‘হেণ্ডিকেমটো আন..এইৰ আকৌ উক দিছে।"
            মাকে হেণ্ডিকেমটো লৈ দৌৰি আহিল। মালাৰ খং উঠিছে। তাই কোঠাটোৰ হাতে পোৱা বস্তুবোৰ দলিয়াবলৈ ধৰিছে, লগতে সমানে গালি পাৰি গৈছে পিংকুক, তাইলৈ বিবাহৰ প্ৰস্তাৱ লৈ যোৱা পিংকুৰ মাহীয়েকক আৰু নিজৰ মাক-দেউতাকক। পিংকুৱে সেই চলন্ত দৃশ্য কেমেৰাত বন্দী কৰিছে।
           পিংকুৰ মাকে বিয়া পাতি দিলে পিংকুৱে তাৰ খুৰাকৰ জীয়েকৰ সৈতে থকা তাৰ প্ৰেমৰ সম্পৰ্ক ত্যাগ কৰিব বুলি ভাবিছিল। কিন্তু তেওঁ ভবাৰ দৰে নহ'ল। সুন্দৰী পত্নীক আজিলৈকে সি স্পৰ্শই কৰা নাই। কি লজ্জাজনক কথা!!!!!  ভাবিলে নিজৰেই মুখামুখি ' নোৱাৰে তেওঁ। সদায় বিবেকৰ দংশনত ভোগে তেওঁ মালাৰ কথা ভাবিলে। কিন্তু এনেকৈ পৰৰ ছোৱালী এজনীৰ জীৱন ধংস কৰাৰ ফলাফল কি ' পাৰে পিংকুৰ উকীল বন্ধুৱে  তেওঁক নোকোৱা নহয়! সেয়ে প্ৰমাণ গোটাই গৈ আছে, কেতিয়াবা কামত দিব। পিংকু একমাত্ৰ পুত্ৰ তেওঁৰ….!!!!!
          সঁচাকৈ সেইবোৰ প্ৰমাণে কাম দিলেও! স্বামীৰ অবৈধ সম্পৰ্কৰ বাবে সফল নোহোৱা বিয়াখন এসময়ত আদালতে ভংগ কৰি দিলে কাৰণ পত্নীগৰাকী মানসিকভাবে অসুস্থ আছিল।



 উৎপলা কৌৰ

No comments:

Post a Comment