বেটুপাত

বেটুপাত

Friday, 14 April 2017

বিহুৰ সময়ত অসমীয়া নাৰীৰ ৰূপচৰ্চা




             অতীজৰে পৰা নাৰীসকল সৌন্দৰ্য্যৰ প্ৰতি সচেতন যিহেতু সৌন্দৰ্য্যই মানুহৰ আন এক ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰে সেয়েহে প্ৰতিগৰাকী নাৰীয়ে ধুনীয়া হৈ থাকিবলৈ বিচৰাটো স্বাভাৱিক এইক্ষেত্ৰত অসমীয়া নাৰীসকলো পিছ পৰি ৰোৱা নাই অসমীয়া নাৰীসকলে স্বকীয়তাৰে তেওঁলোকৰ সৌন্দৰ্য্যৰ পৰিচয় দিয়ে
               অপেক্ষাৰ অন্ত পেলাই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটি পুনৰবাৰ আমাৰ আগত ধৰা দিছেহি কুলি-কেতেকীৰ সুমধুৰ সুৰেৰে ,নাহৰ-তগৰ-কপৌ ফুলৰ সুবাসেৰে প্ৰকৃতিয়েও নিজকে বিনন্দীয়া ৰূপেৰে সজাই তুলিছে ঢোল,পেঁপা,বাঁহীৰ মাতেৰে ৰঙালী বিহুটিক আদৰিবলৈ সকলোৱে যো-জা কৰিছে গাঁৱৰ জীয়ৰী -বোৱাৰী সকলোৱে একলগ হৈ চিৰা,পিঠা খুন্দিছে বিহুলৈ আৰু বেছিদিন নাই সেয়েহে হেঁপাহৰ ৰঙালী বিহুটোক আদৰিবৰ বাবে প্ৰতিগৰাকী অসমীয়া নাৰীয়ে বিভিন্ন ক্ষেত্ৰত প্ৰস্তুতি চলোৱাৰ লগতে নিজকে ধুনীয়াকৈ সজাই তোলাৰ  বাবে ৰূপচৰ্চা কৰি আহিছে
            অতীজৰে পৰা মানুহে বিশেষকৈ মহিলাসকলে নিজৰ ছালৰ সৌন্দৰ্য্য বৃদ্ধি কৰিবলৈ বিভিন্ন সামগ্ৰীৰ ব্যৱহাৰ কৰি আহিছে বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে সৌন্দৰ্য্য বৃদ্ধিৰ বাবে বিভিন্ন প্ৰসাধন সামগ্ৰী বজাৰত বিক্ৰী কৰিছে বৰ্তমান আমি সকলোৱে এই সামগ্ৰীবোৰ ব্যৱহাৰ কৰি আহিছো অতীততে কিন্তু এই সামগ্ৰীবোৰৰ বিশেষ প্ৰচলন নাছিল প্ৰাকৃতিকভাৱে পোৱা সামগ্ৰীৰে অসমীয়া নাৰীসকলে তেওঁলোকৰ সৌন্দৰ্য্য চৰ্চাৰ প্ৰতি মনোনিৱেশ কৰিছিল গৰু বিহুৰ দিনা মাহ-হালধিৰে গা ধোৱাটো এটা লোকাচাৰ তথা পৰম্পৰাৰে অন্তৰ্গত মাহ-হালধিৰে গা ধুলে ছালৰ সৌন্দৰ্য্য বৃদ্ধি পায় সময়ৰ পৰিৱৰ্তনৰ লগে লগে বৰ্তমান বিভিন্ন কোম্পানীৰ facewash,bodywash নতুবা চাবোন জাতীয় সামগ্ৰীৰে বজাৰত উপলব্ধ হৈ পৰিছে কিন্তু অতীততে এই সামগ্ৰীবিলাকৰ বিকল্প হিচাপে প্ৰাকৃতিকভাৱে পোৱা মাটিমাহ,কেঁচাহালধি,পোৰা বৰ থেকেৰামিঠাতেল আদি সামগ্ৰীবোৰ মিহলাই পিচি লৈ গা ধুইছিল যিবোৰে ছালখন নিমজ,সতেজ কৰি ৰখাৰ লগতে ছালৰ সৌন্দৰ্য্য বৃদ্ধি কৰে
            অসমীয়া নাৰীসকলৰ সৌন্দৰ্য্যৰ আন এক অংগ হৈছে চুলি চুলিখিনি ভালে ৰাখিবলৈ আমি সকলোৱে বিভিন্ন কোম্পানীৰ shampoo,conditioner আদি ব্যৱহাৰ কৰোঁ অতীততে এই সামগ্ৰীসমূহৰ প্ৰচলন একেবাৰে নাছিল বুলি 'লেও বেয়া নহয় সেয়েহে অসমীয়া নাৰীসকলে চুলিখিনি ভালে ৰাখিবলৈ shampoo সলনি ভীমকলৰ খাৰ আৰু conditioner হিচাপে ঔটেঙাৰ বীজ ব্যৱহাৰ কৰিছিল প্ৰাকৃতিকভাৱে পোৱা এই সামগ্ৰীবোৰৰ যোগেদিয়েই অসমীয়া নাৰীসকলে নিজকে সজাই -পৰাই সৌন্দৰ্য্য অটুট ৰাখিছিল
              ৰঙালী বিহুটো ৰং-ৰইচ তথা কৃষিভিত্তিক উৎসৱ   সেয়েহে হেঁপাহৰ বিহুটোত এপাক নাচিবলৈয়ে হওঁক নতুবা সৌন্দৰ্য্য বৃদ্ধিৰ বাবেই হওঁক হাতে -ভৰিয়ে ঔষধি গুণসম্পন্ন জেতুকাৰ বোল সানি নিজকে সজাই তোলে প্ৰতিগৰাকী অসমীয়া নাৰীৰে সৌন্দৰ্যপিপাসু এটা মন আছে সেয়েহে অসমীয়া নাৰীসকলে ৰূপচৰ্চা কৰাৰ উপৰিও সাজসজ্জা,অলংকাৰ পৰিধান তথা অসমীয়া গহনা আদি পৰিধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে মুগাৰ মেখেলাখন,ৰিহাখন অসমীয়া নাৰীসকলৰ বাবে অতি আপোন ; যিয়ে অসমীয়া নাৰীৰ মৰ্যদা বিশ্বদৰবাৰত এক সুকীয়া পৰিচয়ৰে চিনাকি দিয়ে

জাহ্নৱী বৰগোহাঞি

No comments:

Post a Comment