বেটুপাত

বেটুপাত

Friday, 14 April 2017

আত্মহননৰ ডায়েৰী



" I am a stranger in this world,
I am a stranger among my people and,
I have no friends,
I am stranger to myself,
My thoughts are strangers to my body,
I roamed the universe from end to end,
But couldn't find a place to rest my head..."
-খলিল জিব্রান
কেতিয়াবা আমি কিছুমান কথা সঁচা হ'লেও মানি ল'বলৈ টান পাওঁ । দৰাচলতে কেতিয়াবা কাৰোবাৰ প্রতি আমাৰ মনত এনে এক কংক্ৰীটৰ ধাৰনাই গঢ় লৈ উঠে যে নিজে সঁচা বুলি জনা কথাটোও আমাৰ মনটোৱে মানি ল'বলৈ টান পাওঁ । সচাঁ কথা ক'বলৈ হ'লে আমি আমাৰ জীৱনত যদিও বহুতো মানুহৰ সংগ লাভ কৰো তথাপি তেওঁলোকৰ অনুপস্থিতিয়েহে সোঁৱৰাই দিয়ে আমাৰ জীৱনত ব্যক্তিজনৰ প্রভাৱৰ প্রকৃত সংজ্ঞা ।
সমীৰণ আৰু নাই । সি আত্মহত্যা কৰিলে ।কথাটো তাইৰ বাবে যেন এতিয়াও অবিশ্বাস্য । যিমানেই তাৰ কথা ভাবিছে সিমানেই যেন চিৎকাৰ কৰি উঠিছে তাইৰ মনটোৱে, নাই নাই অন্ততঃ সমীৰণে এইকাম কেতিয়াও কৰিব নোবাৰে । অথচ তাইৰ মানসপটত এতিয়াও  ভাঁহি আছে মাত্র তিনিদিন আগতে জীবনটোক বেপৰোৱা ভাৱে উদযাপন কৰিব খোজা সমীৰণ শইকীয়াৰ নিঠৰ ভাৱে ওলমি থকা দেহটোক ৰছী কাটি নমাই অনাৰ মর্মান্তিক দৃশ্য । এতিয়াও তাইৰ টেবুলত পৰি আছে আত্মহননৰ কেইমুহূর্ত্তমানপূর্বে তাইলৈ বুলি লিখি থৈ যোবা তাৰ শেষ চিঠিখন ।চিঠিখনত থকা কথাবোৰ তাই বহুতবাৰ পঢ়িছে যাৰ বাবে চিঠিখনত থকা প্রতিটো শব্দ, প্রতিডাল দাৰি কমাই প্রায় মুখস্থ হৈ গৈছে তাইৰ, অথচ মনটোৱেহে এতিয়াও মানি ল'ব পৰা নাই সমীৰণৰ আত্মহননৰ শেষ সিদ্ধান্তক। জীৱনক এক প্রত্যাহ্বান হিচাপে লোৱা ভীষণ ট্রেজিক ল'ৰাটো ইমান ক্লান্ত হৈ নীৰৱতাক সংগী কৰি এনেদৰেই গুচি গ'ল । আচৰিত ! তথাপি এনে লাগিছে এই মূহূর্ত্ততে যেন সি তাৰ আঙুলিৰ ফাঁকত এডাল চিগাৰেট জ্বলাই অন্য এক সুকীয়া মেজাজত হোষ্টেলৰ সন্মুখলৈ আহি ফোনত তাইক ক'বহি-" ব'ল স্মিতা অলপ ফুৰি আহোঁ" । আৰু উদ্দেশ্যবিহীন ভাৱে তাৰ বাইকখনত উঠি দুয়ো ঘূৰি ফুৰিব বিশাল মহানগনগৰীখনৰ প্রতিটো অলি-গলি । প্রয়োজনতকৈ বেছি সময় কটাব সিহঁতৰ চিনাকী প্রবীন দাৰ siksha book stall আৰু তাৰ নিচেই কাষতে লাগি থকা চাহ দোকানখনত । অথবা কাষতে সি থকা boy's hostel ৰ আবেলি হোষ্টেলৰ নিয়মমাফিক আড্ডাত চিঞঁৰি চিঞঁৰি আবৃত্তি কৰা - প'ল শেনচোৱাৰ বিখ্যাত কবিতাৰ কেইটিমান শাৰী
"অনামিকা দুৱৰাৰ সৈতে অন্তিম আলাপ... ...তোমাৰ বিয়াৰ নিমন্ত্রনী পত্ৰ পাইছো "ইত্যাদি ইত্যাদি স্মিতাই কাণ পাতি শুনি ৰৱ
সেই ৰোমান্টিক আবেলিবোৰ আজি তেনেই উৰুঙা উৰুঙা লগা । দীঘল চুলি একোছাৰে ওখ ল'ৰাটো এজাক উত্তাল বতাহৰ দৰেই আছিল । কলেজৰ প্রায় সকলোৰে বাবে বদনামী ল'ৰাটোৰ সৈতে কেনেকৈনো স্মিতাৰ ভাল  বন্ধুত্ব  হৈ গৈছিল গমেই পোৱা নাছিল তাই । অনবৰতে চিগাৰেট তথা ড্রীংকছ কৰি মাতাল হৈ থকাৰ দৰে কামবোৰ যেন সমীৰণৰ বাবে তেনেই সাধাৰণ কথা । সমীৰণক ওচৰৰ পৰা জনাৰ জিজ্ঞাসাক সামৰিৱ নোৱাৰাৰ হেঁপাহতেই তাৰ সৈতে স্মিতাৰ মাজত গঢ় লৈ উঠিছিল এটি বন্ধুত্বৰ ।অবশ্যে ইয়াৰ বিপৰীতে স্মিতাই হেৰুৱাব লগীয়া হৈছিল তাইৰ অন্য বন্ধু-বান্ধবী সকলক । সেইদিনা অৱশ্যে তাক জানিবৰ ইচ্ছা নকৰা হ'লে অন্যসকলৰ দৰে সমীৰণ আজিও তাইৰ বাবে হৈ ৰ'ল হয়
"A bloody disgusting Guy"
স্মিতাই পোন প্রথমে বন্ধুত্বৰ প্রস্তাৱ দিয়াতো সি কোনো উত্তৰ নিদিয়াকৈয়ে সেই ঠাই এৰি গুছি গৈছিল । কিন্তু পিছদিনা সি নিজেই স্মিতাৰ ওচৰলৈ আহি তাইক কৈছিল - "মই নাজানো মা দেউতাই মোৰ দৰে ল'ৰা এটাৰ নাম কিয় সমীৰণ ৰাখিলে । সমীৰণ মানেটো বতাহ যি লাহে ধীৰে বৈ যায় আৰু সকলোকে দি যায় অনাবিল প্রশান্তিৰ সোঁত,পিছে মইটো সেই সমীৰণ নহয় মইটো ধীৰ নহয়,মই কেতিয়াও কাৰো জীৱনত বিলাই পোৱা নাই প্রশান্তিৰ ধাৰা অথচ মই যাৰেই জীৱনৰ মাজেৰে সোঁত বৈছোঁ সেই জীবনটোকো কৰি পেলাইছো ধ্বংস । পিছে তোমাৰ জানো ভয় লগা নাই এই ৰূক্ষকঠোৰ সমীৰণৰ স'তে বন্ধুত্ব গঢ়ি নিজৰ life আৰু future টো স্বইচ্ছাৰে destroy কৰিবলৈ ।
তাৰ পিছত আৰু কোনোদিনেই কোনো কথাতেই সমীৰণক বাধা দি পোৱা নাই স্মিতাই । আত্মহত্যা কৰাৰ কেইদিনমান আগত হঠাতে পানবজাৰ বাছষ্ট'পত তাই শেষ বাৰৰ বাবে লগ পাইছিল সমীৰণক আৰু তাৰ অনুৰুধতেই সিহঁত ব্রহ্মপুত্রৰ পাৰে পাৰে কিছুদূৰ খোজ কাঢ়িছিল ।
মৌনতাক সাৱটি থকা স্মিতাক দেখি সমীৰণে নিজেই কৈ গৈছিল-"জাননে স্মিতা সিদিনা ৰীতা চৌধুৰী বাইদেউৱে এটা ষ্টৰীত কোৱাৰ দৰে মানুহৰ জীৱনটোও এজোপা গছৰ দৰেই, গছজোপাই যিদৰে পুলি হৈ থকা অৱস্থাত ভাবে সি ডাঙৰ হ'লেই আকাশত চৰাইৰ দৰে পাখি মেলি মেলি উৰিব কিন্তু পুলিটো যিমানেই ডাঙৰ হৈ গৈ থাকে সিমানেই সোমাই গৈ থাকে তাৰ শিপা । তেতিয়াহে সি উপলব্ধি কৰে সমগ্র আকাশখনকে নিজৰ কৰি ল'ব খোজা সপোনটো কিমান অর্থহীন আছিল তাৰ বাবে । কিতাপখনত আৰু লিখা আছিল যে মানুহৰ জীৱনটোও সেই সপোন দেখা গছজোপাৰ দৰেই । নিজকে আনতকৈ ব্যতিক্রম কৰি তোলাৰ অলীক সপোন আঁকি ডাঙৰ হব আৰু এদিন পৰম্পৰাৰ মাটিত পোত খাই তাৰ শিপাবোৰ উভালিব খুজি হতাশ হ'ব । ক্রমাৎ উদ্যম হেৰুৱাই অৱশ হৈ পৰিব আৰু নিয়তিৰ ওচৰত নিজকে আত্মসমর্পন কৰিব ।"
-"তই মোক কিবা ক'ব খুজিছিলি",মৌনতাৰ চাদৰখন যেন আতৰ কৰি স্মিতাই সমীৰণক প্রশ্ন কৰিলে ।
-"অঃ sorry!!!!  পাহৰিয়েই গৈছিলো জান'।" সমীৰণে শেঁতা হাঁহি এটাৰে ক'লে । আজি বহু দিনৰ পিছত মোৰ প্রেয়সী নীলাঞ্জনাই মোলৈ এটা মেইল পঠাইছে, তাত লিখা আছে তাইৰ হেনো বিয়া ঠিক হৈছে এজন ৰেলৱে ইঞ্জিনিয়াৰৰ লগত । মোৰ বাবেই হেনো তাইৰ life টোও থানবান হৈ গ'ল । সৰুতেই দেউতাকক হেৰুওৱা তাই আকৌ মোৰ লগত যদি বিয়া হয় তেন্তে তাইৰ মাকেও তাইক কেতিয়াও ক্ষমা নকৰিব । সেয়েহে তাই মাকৰ কথামতেই ল'ৰাজনৰ লগত বিয়া হৈ যাবলৈ ওলাইছে । আৰু আগলৈ মোক তাইৰ স'তে কোনো contact নাৰাখিবলৈ অনুৰোধ কৰিছে । তই কছোন স্মিতা মোক বাৰু দেখিলে হত্যাকাৰী যেন লাগে নেকি ????
স্মিতাই কোনো উত্তৰ বিছাৰি নাপাই কিছুসময়ৰ বাবে মূক হৈ পৰিছিল ।
"বুজিছ ইমানদিনে মইও নিজকে গছডালৰ দৰেই শিপা নোহোৱা বুলি ভাবি আছিলো । মইও এনেকুৱা  সমাজ জীৱনৰ সপোন দেখিছিলো য'ত কোনো কাৰো বহতীয়া নহয় । কোনো সন্তানেই মোৰ দৰে জীৱনত সংগী কৰি ল'ব লগা নহ'ৱ মদ আৰু চিগাৰেটক । কোনো সন্তানৰ চকুৰ সন্মুখত নাথাকিব মাকৰ ওলমি ৰোৱা  মৃতদেহ । ইত্যাদি ইত্যাদি ইত্যাদি । কিন্তু আজি চা । মোৰ শিপাই মোক খামোছ মাৰি টানি ধৰিলে । আৰু ভেঙুচালি কৰি মোক কৈ গ'ল-"এইয়া দেখিছ' মই থকালৈকে তোক মই উৰিবলৈ নিদিওঁ ।"
-মই বুজিছো সমীৰণ,নীলাঞ্জনাৰ কথাত তই দুখ পাইছ!
সমীৰণে বাধা দি কৈছিল-"দুখ মই পোৱা নাই অ'।ভাবিছো মিছামিছি সপোনৰ মৰীচিকা খেদি খেদি নিজকে শেষ কৰি দিলো । এতিয়া কাকো believe কৰিব নোৱাৰো । কাৰোৰে ওচৰত নিজৰ পৰিচয়ো দিব নোৱাৰো । কি বুলি পৰিচয় দিম মোৰটো কোনো পৰিচয়ো নাই এতিয়া । এতিয়া ভাবিছো নীলাই কোৱাৰ দৰেই তাইক পাহৰিবলৈ চেষ্টা কৰোঁ কাৰণ মইতো তাইৰ বেয়া হোৱাটো নিবিচাৰো । কথাৰ শেষৰ ফালে সি এডাল চিগাৰেট জ্বলাই লৈছিল হয়তো তাৰ দুখৰ হুমুনিয়াহবোৰ লুকুৱাবলৈকে আপ্রান চেষ্টা কৰিছিল । জীৱনত প্রথমবাৰৰ বাবে কাৰোবাৰ কথাত স্মিতাৰ অন্তৰাত্মাই কান্দি উঠিছিল । জীৱনত তাই এতিয়ালৈকে বহুতো উপন্যাস পঢ়িছে তথাপি সমীৰণৰ জীৱনটো যেন এখন জীৱন্ত অলিখিত উপন্যাসহে ।
তাৰেই কেইদিনমান পিছত তাই খবৰ পাইছিল সমীৰণে আত্মহত্যা কৰাৰ কৰুণ খবৰটো । তাই দৌৰি আহিছিল সমীৰণৰ হোষ্টেলৰ কোঠালৈ আৰু অসংখ্য ভিৰৰ মাজত তাই মাথোঁ দেখিবলৈ পাইছিল চিলিঙত নিঠৰ ভাৱে ওলমি আছিল তাইৰ প্রিয় বন্ধু সমীৰণ শইকীয়াৰ নিঠৰ মৃতদেহটো ।
সমীৰণৰ কাষৰ ৰুমৰ মৃদুলে আহি নীৰৱে তাইৰ দুহাতত গুজি দি গ'ল সমীৰণে স্মিতালৈ বুলি দি থৈ যোৱা শেষ চিঠিখন ।
চিঠিখনৰ আৰম্ভণিতে লিখা আছিল প্রখ্যাত কবি খলিল জিব্রানৰ এটা বিখ্যাত কবিতাৰ কেইটিমান শাৰী-

"I am a stranger in this world,I am a stranger among my people and,
I have no friends,
I am stranger to myself,
My thoughts are strangers to my body,
I roamed the universe from end to end,
But couldn't find a place to rest my head..."

সচাঁকৈয়ে সমীৰণে অলপ জিৰণি বিছাৰিছিল । য'ত তাৰ বিদ্রোহী ক্লান্ত হৃদয়খনে জিৰাব খুজিছিল । য'ত সি উন্মুক্ততাৰে উৰিব খুজিছিল খুলি থৈ তাৰ দুখৰ মলিন পোছাক । সি এমুঠি বিশ্বাসৰ সন্ধান কৰিছিল নি:সংগতাৰ বুকুত  | প্রতিখন হৃদয়তে সি বিচাৰি চলাথ কৰিছিল এবুকু সঁচা মৰম…!!!!!
সেই বিশ্বাস, সেই মৰম তাক কোনেও  যাচিব নোৱাৰিলে,আনকি নীলাঞ্জনাৰ প্রেম আৰু স্মিতাৰ বন্ধুত্বইও
মূহুর্ততে স্মিতাৰ মনলৈ ভাব আহিল - "...আত্মহত্যা সহজ নহয়...সহজ নহয় জীৱনৰ যাত্ৰাও...সমীৰণেও আত্মহত্যা কৰা নাই প্রকৃততে সমাজখনেহে তাক হত্যা কৰিলে ।"
পিছে আমি কাক দোষী বুলি ক'ম আত্মহত্যাকাৰী সমীৰণক নে আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা পৰিস্থিতি অথবা বিশ্বাসহীনতাৰ সমাজখনক ।
 নামী businessman পিতৃৰ টকাৰে যদি কেতিয়াবা কোনোবা ভোকাতুৰৰ ক্ষুধা নিবাৰণ কৰিছে কেতিয়াবা আকৌ hospital ত কেইবাটাও বিনিদ্র ৰজনী উজাগৰে কটাইছে কোনোবা অনাত্মীয় লোকৰ ৰোগত । সেইসময়ত যেন স্মিতাৰ বাবে সমীৰণ হৈ পৰিছিল অমানুহৰ পৃথিবীৰ এজন সচাঁ অন্তৰৰ মানুহ ।
এদিন চান্দমাৰী flyover ত বহি থাকোতে চিগাৰেট জ্বলাব খোজা সমীৰণক বাধা দি স্মিতাই কৈছিল
-"এই ফাল্টু habit বোৰ তই বাদ দিব নোৱাৰনে ?"
- ফাল্টু habits..?এই  habit বোৰৰ সহায়তেইটো মই জীয়াই আছো । আৰু এইবোৰ বাদ দিলে মই কি ভাল হৈ যাম নেকি ?
-প্লীজ সমীৰণ বাদ দে এইবোৰ । মানুহে তোৰ বিষয়ে বৰ বেয়াকৈ কয় জাননে ?
-ধুঃৰ্ ৰ্ ৰ্ । মানুহে মোকেই কিয় বেয়া বুলি কয়,মোতকৈয়ো বয়সত বহুত সৰু লৰাই বিন্দাছ ৰাস্তাই ঘাটে চিগাৰেট  খাই ঘূৰি ফুৰিছে । সিহঁতবোৰ বেয়া নহয় কিয়? নিশা হ'লেই G.S Road ত ১৯/২০ বছৰীয়া ছোৱালীয়ে মদ খাই মাতাল হৈ যে ঘূৰি ফুৰে সিহঁতবোৰক তেতিয়া সমাজে নোদোষে  কিয় ?মোক বেয়া বুলি কোৱা সমাজখনে মোক খুৱাইছে নে পিন্ধাইছে ? মোৰ মন গৈছে মই খাইছো ,আৰু শুন স্মিতা please তোৰ যদি ভয় লাগিছে অথবা মোৰ এইবোৰ কামৰ বাবে তোৰ সন্মান হানি হৈছে বুলি ভাবিছ তেনেহ'লে এইমূহুর্ততে তই মোৰ জীবনৰ পৰা আঁতৰি যাৱ পাৰ' । মই বেয়া নাপাওঁ ।  কাৰন মোৰ বাবে কাৰোবাৰ জীবন ধ্বংস হোৱাটোও মই নিবিছাৰো ।
“কিন্তু সমাজে এইবোৰ কামক  ভাল চকুৰে নাচায় সমীৰণ” -স্মিতাই ক্ষীণ কণ্ঠস্বৰেৰে প্রতিবাদ কৰিছিল ।
অলপ পৰ মনে মনে থাকি সমীৰণে কৈছিল - " কিজানি তই ঠিকেই কৈছ স্মিতা । জন্মতে কোনো শিশুৱেই বদমাছ হৈ পৃথিবীলৈ নাহে । হয়তো মইও কেতিয়াও এনেকুৱা নাছিলো । ঘৰখনৰ ডাঙৰ আৰু একমাত্র ল'ৰা হিচাপে হয়তো মইও আছিলো সকলোৰে আশাৰ ।
         কিন্তু মই ইমান বেয়া,rude কিয় হ'লো জান'? মোক এতিয়াৰ মই কৰি তুলিলে মোৰ aristocrate ঘৰখনে,ছছায়টিৰ বদমেজাজ environment এ মোক ভীষণ বিদ্রোহী কৰি তুলিলে । মই এতিয়ালৈ জীৱনত বিনা স্বার্থত কাৰোৰে পৰাই একো পোৱাই নাই আৰু একো আশাও কৰা নাই । মই মোৰ লগতে মাথোঁ জীয়াই থাকিব বিছাৰো । মই অকলশৰীয়া হ'ব পাৰো কিন্তু মোক কাৰো সহানুভুতিৰ প্রয়োজন নাই । মই মইয়েই হৈ থাকিব খোজো ।
           সমাজে সৃষ্টি কৰা তথাকথিত বেয়া লৰা, unruly and rude…..!!! প্লীজ তই মোক সকলো ক' মই বেয়া নাপাওঁ,কেৱল সলনি হোৱাৰ কথা নকবি ।
"গল গলীয়া সমীৰণৰ মাতটো পোন প্রথমবাৰৰ বাবে থুকাথোকি যেন অনুভৱ কৰিছিল স্মিতাই ।
সি পুনৰ একেদৰেই কৈ গৈছিল – জান, স্মিতা আনে কোৱাৰ দৰে মই কেতিয়াও মোৰ শৈশৱটোক নষ্টালজিক বুলি ক'ৱ নোৱাৰো । কাৰণ নষ্টালজিয়া বুলি ক'বপৰাকৈ মোৰ শৈশৱটোত শূণ্যতাৰ বাহিৰে যেন আন একোৰেই স্থান নাছিল ।
          চহৰ খনৰ নামী businessman হিচাপে নাম থকা দেউতাৰ জৰিয়তে সেইময়ত আমাৰ ঘৰলৈ প্রতিদিনেই অজশ্র টকাৰ সোঁত বৈছিল । অথচ একো বস্তুৰে অভাব নঘটা ঘৰখনত যেন তেতিয়াও বহুত কিবা কিবি বস্তুৰ অভাৱ ঘটিছিল । ৰাতি ৰাতি মদৰ নিছাত মাতাল হৈ ঘৰ সোমোৱা দেউতাক দেখি মোৰ মায়ে মোক আৰু ভন্টিকে বুকুত সাবটি ভয়তে কুচি মুচি উজাগৰেই কটাই দিছিল বহুতো ৰাতি । সেইসময়ত আমাৰ ঘৰত প্রায়েই চলিছিল Late Night Celebration Party য’ত নকইনাৰ দৰে সজাই পৰাই দেউতাই মাক চিনাকি কৰাই দিছিল চহৰ খনৰ নামী দামী businessman সকলৰ সৈতে "this is my sweet beautiful wife" বুলি । আৰু সেই সকলৰ মাজৰে কোনোবাজনে যাচি দিয়া red wine ৰ গ্লাছটো প্রত্যাখান কৰাৰ দোষত নিশা দেউতাই মাৰ ওপৰত চলাই গৈছে শাৰীৰিক অত্যাচাৰ । তেতিয়াৰে পৰাই মই বিদ্রোহী হৈ পৰিলো। সৰুৰে পৰাই মই introvert আছিলো , কাৰোৰে লগত সহজতে mix-up কৰিব নোৱাৰা কোনো বন্ধু বান্ধবী নথকাৰ তীব্র যান্ত্রনাত চটফটাই উঠিছিলো । ঘৰখনৰ কাঠৰ ফার্ণিছাৰবোৰৰ দৰেই আছিল মাৰ অস্তিত্ব, যাৰ মাথোঁ প্রয়োজনহে দৰাচলতে আছিল মূল্য কিন্তু কাহানিও নাছিল । আৰু এনেদৰেই এদিন ঘৰলৈ ওভটি আহি মাক বেডৰুমৰ চিলিঙত ওলমি থকা অবস্থাত পাইছিলোহি । মাক বছাব নোৱাৰাৰ তীব্র উন্মাদনাই মোক তেতিয়াতেই আধা পাগল কৰি পেলালে । এতিয়া আৰু কাৰোৰে প্রতি মোৰ মনত তিলমানো আস্থা নাই । আচল কথা কি জান, স্মিতা পৃথিবীৰ সকলো মানুহেই isolated, সকলোৱে মাথোঁ সুখৰ পিছে পিছে দৌৰি আছে কিন্তু  পাইছে মাথোঁ দুখ আৰু চকুলোৰ বন্যা । মই যিদৰে বিদ্রোহ কৰিছো বাকীসকলে হয়তো কৰা নাই । সমাজৰ এই aristocracy ৰ প্রতিবাদ কৰি কৰিয়েই মই প্রায় হেৰুৱাই পেলাইছো নিজৰ লগতে মই মোৰ সকলো ।"
-কিন্তু তইও দেখোন তোৰ দেউতাৰ দৰেই কামবোৰ কৰি আছ । আচলতে তই কাৰ প্রতি তোৰ প্রতিশোধ ব্যক্ত কৰিছ তোৰ দেউতাৰ ওপৰত,এই সমাজখনৰ ওপৰত নে তই তোৰ নিজৰ ওপৰত ??" স্মিতাই তীব্র ভাষাৰে সুধি পেলাইছিল সমীৰণক ।

-হয়তো নিজৰ ওপৰতেই । তথাপি ভাল লাগে কেতিয়াবা । এসময়ৰ প্রতাপী দেউতাই যেতিয়া অবাটে যোৱা নিজ পুত্রক দেখি বিচলিত হয় । ঘৰখনৰ একমাত্র পুত্রৰ ভৱিষ্যতৰ কথা ভাৱি তেওঁ  দেৱালত মূৰ আফলিয়াই । সঁচা কথা ক'ৱলৈ গ'লে সেই মূহুর্ত্তত মোৰ অতৃপ্ত আত্মাটোৱে ভীষণ শান্তি পায় । মই কৰা কামবোৰৰ বাবে আজিলৈকে মই কাকো sorry কৈ পোৱা নাই । আৰু কেতিয়াও নকওঁ । মই সদায় মই হৈয়ে থাকিম ।


অভিজিৎ শইকীয়া জোনাক

No comments:

Post a Comment