বেটুপাত

বেটুপাত

Friday, 14 April 2017

শিল্পীৰ পৃথিৱীত

  
               
                 
                   এইবাৰৰ শিল্পী :- মন্টুমনি শইকীয়া (উদীয়মান কণ্ঠশিল্পী )

প্ৰশ্ন:-   আপুনি অসমৰ সংগীত জগতৰ এটা চিনাকি নাম ।সংগীতৰ জগতখনৰ প্ৰতি আপুনি কিদৰে আৰ্কষণ হল?

উত্তৰ:- সৰুৰে পৰা মই সংগীতৰ পৰিবেশত ডাঙৰ হৈ আহিছো মোৰ মা-দেউতা,বৰদেউতা আৰু ঘৰখনৰ সকলো সংগীতৰ লগত জড়িত বিশেষকৈ বিহুৰ লগত সেইবাবে ময়ো সংগীতৰ ক্ষেত্ৰখনত  লাহে লাহে জড়িত হৈ পৰিলো

প্ৰশ্ন:-আপোনাৰ জীৱনৰ টাৰ্নিং পইন্ট কি আছিল সংগীতৰ পৃথিৱীত সফলতা লাভ কৰাত ?

উত্তৰ:-প্ৰথম কথা মই সংগীতৰ জগতখনত নিজকে সফল বুলি নাভাবো   কাৰণ  এই জগতখনত শিকি আছো, কাম কৰি গৈ আছো আৰু বহুত শিকিবলগীয়া আছে

মোৰ গগনা এলবামটোৰ "জাপে দিম দিচাংত " শীৰ্ষক গীতটোৰ কাৰণে অসমৰ ৰাইজৰ মৰম পাবলৈ সক্ষম হৈছো

প্ৰশ্ন:-বৰ্তমান সময়ত অসমত পেছাদাৰী গায়ক তথা শিল্পীৰ ভৱিষ্যত সম্পকে আপোনাৰ মতামত?

উত্তৰ:-যিকোনো কাম একাগ্ৰতা আৰু নিষ্ঠাসহকাৰে কৰিলে ভৱিষ্যত নিশ্চয় ভাল হব

প্ৰশ্ন:-বিৰ্তকিত গান বনালে জনপ্ৰিয়তা সহজে পাই নেকি বাৰু ?

উত্তৰ:- মই যিহেতু বিৰ্তকিত গান কৰা নাই সেয়েহে এই বিষয়ত মই অনিভিজ্ঞ।

প্ৰশ্ন:-আজিৰ পৰা বছৰ পিছত আপুনি নিজকে কত চাব বিচাৰে?

উত্তৰ:- ৰাইজৰ অন্তৰত তথা মনৰ মাজত

প্ৰশ্ন:-আপনাৰ কাৰ গান শুনি ভাল লাগে?

উত্তৰ:-ভাল গান সকলো শিল্পীৰ কণ্ঠত ভাল লাগে

প্ৰশ্ন:-মন্টুমনি দাৰ আৰ্দশ ব্যক্তি?

উত্তৰ:- শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱকে প্ৰমুখ্য কৰি সকলো আদৰ্শবান ব্যক্তি

প্ৰশ্ন:-আজৰি সময়ত কি কৰি ভাল পায়?

উত্তৰ:- গান শুনি, গান চৰ্চা আদি কৰি ভাল পাও

প্ৰশ্ন:-আমাৰ আলোচনী সম্পৰ্কত  দুৱাষাৰ

উত্তৰ:-"সুৱাস" সমূহ পৰিয়াললৈ মই ধন্যবাদ জনালো আৰু আলোচনীখনৰ দীৰ্ঘায়ু কামনা কৰিলো


সাক্ষাৎগ্ৰহণ :- মৰমিকা সন্দিকৈ ( প্ৰিয়া )

No comments:

Post a Comment