বেটুপাত

বেটুপাত

Saturday, 15 April 2017

মুখ্য সম্পাদকৰ কলমত

"Good decision come from experience, but experience comes from bad decision"
Dr.A.P.J. Abdul Kalam

শ্ৰদ্ধাৰ এ.পি.জে. আব্দুল কালামদেৱৰ এই সোণসেৰীয়া বাক্যশাৰী শিৰোগত কৰি আমি বাট বুলিছো সাহিত্যৰ বিশাল পথাৰত খোজ পেলাবলৈ ।

বসন্ত ঋৃতুৰ আৰ্বিভাৱৰ সময়ত নৰূপে ধৰা দিছে প্ৰকৃতি, কিন্ত এতিয়াও যেন আমি আমাৰ মনবোৰ সজাই তুলিব পৰা নাই নৰূপে ।

দৈনন্দিন জীৱনৰ হাজাৰটা সম্স্যাৰ বোজাত যেন কৰবাত লুকাই গল আমাৰ কৌটিকলীয়া সপোনৰ আখলখন । শিপাৰ পৰা বিচ্চিন্ন নোহোৱাকৈ নতুনত্বত সেউজীয়া হোৱাটো কঠিন যদিও আমি পাৰ কৰিব লাগিব সেই প্ৰত্যাহ্বানবোৰ হাঁহিমুখে ।সমালোচনা পৰিহাৰ কৰি কৰ্মৰে সৃষ্টিশীলতাৰ নিৰ্দশন দাঙি ধৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সমৰত হয়তো বহুতো বিনাশকাৰী শক্তিয়ে বাধা সৃষ্টি কৰিবও পাৰে, কিন্ত তাক আমি ওফৰাই পেলাব লাগিব প্ৰচণ্ড ইচ্ছাশক্তিৰ প্ৰহাৰত ।

"সুবাস" আমাৰ তাৎক্ষণিক পৰিকল্পনাৰ পথাৰত সিঁচা কঠীয়াহে মাত্ৰ । আমি আগন্তক দিনবোৰত চেষ্টা অব্যাহত ৰাখিম এই কঠীয়াৰে জীপাল কৰিবলৈ অসমৰ সাহিত্যৰ ভঁড়াল । আপোনালোকৰ আৰ্শীবাদ অৱশ্যেই আমাৰ কাম্য |

এইচেগতে মুখ্য সম্পাদকৰ গুৰুদায়িত্ব পালনত পদে পদে হোৱা প্ৰতিটো ভূলৰ বাবে মই "সুবাস" ৰ সমূহ পাঠকবৃন্দৰ ওচৰত ক্ষমাপ্ৰাৰ্থী । আশাকৰো আপোনাসবৰ ধনাত্মক সমালোচনা তথা দিহা পৰামৰ্শই আমাক আভা প্ৰদান কৰিব উজ্বলতাৰ । পাঠকবৃন্দৰ প্ৰতিটো মন্তব্যই দিগদৰ্শন কৰিব "সুবাস"ৰ ভৱিষ্যতৰ ।

শেষত আমি যিমানেই উন্নতি নকৰো কিয়, যিমানেই উচ্চ জীৱন যাপন নকৰো কিয়, আমি সদায়েই শিপাক খামুচি আগ বঢ়াৰ প্ৰতিশ্ৰুতিৰে

দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক
সুবাস

সম্পাদকীয়

        

           
              ধৰণীয়ে এতিয়া ন সাজ পিন্ধাৰ সময় । ফাগুনৰ পছোৱাই লঙঠা কৰা উকা বিৰিখৰ ডালত ন কুৃঁহিপাতে সেউজ ৰং সানিছে | বসন্তৰ আগমনে পৃথিৱীখন আকৌ ন ৰূপেৰে সজাই তুলিছে |
         
              প্ৰতিজন মানুহে জীৱনৰ পথত আগুৱাই যাবলৈ বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় । গভীৰ ভাবে ভাৱি চালে দেখা যায় জীৱনটো যেন এক ৰহস্য । এপলক সময় পাৰ হৈ যোৱা মানে জীৱনৰ পৰা এপলক সময় বিয়োগ হৈ যোৱা । মৃত্যুৰ লগে লগে এটা জীৱন ধূলিৰ লগত মিহলি হৈ যায় চিৰদিনলৈ । জীৱনৰ প্ৰতিটো পলেই প্ৰতিজন ব্যক্তিৰ বাবেই মুল্যৱান | এই  মুল্যৱান ক্ষণ  যদি আমি আমাৰ প্ৰত্যেকৰে সৃষ্টিশীলতাৰে সুন্দৰভাৱে সজাই তোলো তেন্তে এই জীৱনৰ সাৰ্থকতা বিচাৰি পোৱা যাব । সকলোৰে বাবে থাকে অতীত , বৰ্তমান আৰু ভৱিষ্যত । সময়ৰ গতিৰ সুতৰ কোনো বিৰতি নাই । এই গতিৰ প্ৰতিটো ক্ষণতে সন্মুখীন  হ'ব লগা হয় ন ন সমস্যা আৰু প্ৰত্যাহ্বানৰ । কিন্তু এই সকলোবোৰ নেওচি আমি যদি আত্মশক্তিক জগাই তুলি আগুৱাই যাব পাৰোঁ তেন্তে জীৱনৰ প্ৰতিটো ক্ষণ সোণালী হব আমাৰ হাতৰ মুঠিত । সেয়েহে প্ৰত্যেক ব্যক্তিৰ মাজত লুকাই থকা বিভিন্ন  জ্ঞান  আৰু সৃষ্টিশীল অনুভৱ মুকলিভাৱে প্ৰকাশ কৰাৰ এটি সপোনৰ উদয়াচলত আপোনলোকৈ বুলি আগবঢ়ালো "সুবাস" ৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা ।

      

       ধন্যবাদেৰে
      
      মৰমীকা সন্দিকৈ [ প্ৰিয়া ]      
      সম্পাদিকা

আধুনিকতাৰ ধামখুমীয়াত সাম্প্ৰতিক বিহু




   বিহু হৈছে আমাৰ অসমীয়া সমাজৰ মূল কেন্দ্ৰবিন্দু । বহাগ , কাতি , মাঘ এই তিনিওটা বিহুৰে কিছুমান নিৰ্দিষ্ট পৰম্পৰাগত ভিত্তি আছে । বহাগ বিহুত গছত কুঁহিপাত মেলে , প্ৰকৃতিয়ে ন সাজ পৰিধান কৰে নতুন বছৰৰ আগমন ঘটে সেয়ে ই ৰঙালী বিহু । যিহেতু অসমীয়া সমাজ মূলতঃ কৃষিপ্ৰধান সেয়ে কাতি বিহুত ভাল ফচল পাবৰ বাবে খেতি পথাৰ আৰু তুলসীৰ তলত চাকি দিয়া হয় । এই সময়ছোৱাত শস্যৰ ভঁৰাল প্ৰায় উদং হয় বাবে এই বিহু কঙালী নামেৰে জনাজাত । ঠিক তেনেদৰে মাঘ বিহুত শস্যৰ ফচল চপাই সকলোৱে ৰং ধেমালিৰে লগ লাগি এসাজ খাই বাবে ই ভোগালী । কিন্তু সাম্প্ৰতিক সময়ত বিহুৰ পৰম্পৰাসমূহত কেতবোৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে । অতীজতে মুকলি পথাৰত থকা গছৰ তলত বিহু গোৱা হৈছিল | বৰ্তমান সেই গছ তলৰ বিহু আহি মঞ্চ পালেহি । পূৰ্বৰ সেই মুকলি পথাৰৰ বিহুৰ যি আমেজ ,মঞ্চৰ বিহুত তেনে কোনো আমেজ পোৱা নাযায় । যা হওক বৰ্তমান সেই ৰামো নাই অযোধ্যাও নাই |
               
         পৰিৱৰ্তন আৰু আধুনিকতাৰ ধুমুহাত আমি নিজেই দিনে দিনে আমাৰ সংস্কৃতি পৰম্পৰাক জলাঞ্জলি দিছো । সমাজৰ এচাম ভদ্ৰলোকে সাধাৰণ জনতাৰ পৰা চাণ্ডা আদায় কৰি বিহু , বহাগী বিদায় আদি বিভিন্ন অনুষ্ঠানসমূহ মঞ্চত আয়োজন কৰি কেইজনমান নামী দামী শিল্পীক নিমন্ত্ৰণ কৰি আনে । প্ৰকৃততে ই অসমীয়া সংস্কৃতি হয় জানো ?? বিহুৰ লগত শিল্পীৰ ই কেনেধৰণৰ সম্পৰ্ক । তেঁওলোকে মঞ্চত বিহুগীতৰ পৰিৱৰ্তে নিজৰ মনৰ পচন্দৰ অথবা স্বৰচিত গীত পৰিৱেশন কৰি জনতাৰ বিপুল সমৰ্থন লাভ কৰে। কিন্তু প্ৰকৃততে বিহু এটা মাথো অনুষ্ঠানৰ মাজতে সীমিত নহয় । ই আমাৰ সংস্কৃতিৰ বাহক । আমাৰ গ্ৰাম্য জীৱনৰ দাপোণস্বৰূপ । কিন্তু অতি দূৰ্ভাগ্যজনক কথা যে অতীজৰ মুকলি বিহু সাম্প্ৰতিক যুগত বহু ক্ষেত্ৰত মঞ্চতে সীমাবদ্ধ হৈ পৰিল । সংবাদ মাধ্যমেও নিজ নিজ চেনেলৰ জনপ্ৰিয়তা বৃদ্ধিৰ মাধ্যম হিচাপে বিহুক নিৰ্বাচন কৰি লৈছে । এইবাৰ মাঘৰ বিহুতে দেখা পোৱা গৈছিল বিভিন্ন আকৃতিৰ ভেলাঘৰ তথা মেজিৰ প্ৰতিযোগিতা ।সংবাদ মাধ্যমেও সেইকেইদিন বিহুৰ এনেবোৰ অপ্ৰয়োজনীয় দিশ বাৰে বাৰে পৰিৱেশন কৰি এই প্ৰতিযোগিতাত অৰিহণা যোগোৱা পৰিলক্ষিত হৈছিল। তদুপৰি সংবাদ মাধ্যমে সৃষ্টি কৰা চেলফি প্ৰতিযোগিতা আৰু শ্ৰেষ্ঠ প্ৰতিযোগীক পুৰষ্কৃত কৰা ব্যৱস্থাই বিহুক বিকৃত ৰূপ প্ৰদান কৰিছে । এনেধৰণৰ মনোৰঞ্জনৰ পৰিৱৰ্তে সেই অনুষ্ঠানটোত বিহু সম্পৰ্কে, অসমীয়া জাতি - সংস্কৃতিৰ সম্পৰ্কে কোনো গঠনমূলক চিন্তাধাৰা কৰিলে সমাজখন নিশ্চয় অধিক লাভজনক হ'ব ।
             
তদুপৰি বিহুৰ লগত জড়িত অতীজৰ পৰা চলি অহা কিছুমান পৰম্পৰাগত খেল যেনে ম'হ যুঁজ , বুলবুলি চৰাইৰ যুঁজ আদি আজি আইনমতে নিষিদ্ধ ঘোষিত । চৰকাৰৰ এই সিদ্ধান্তৰ দিশৰ পৰা দেখা যায় যে দূৰ্গা পূজাত গোসানীৰ সন্মুখত নিৰীহ জীৱ বলি দিয়া প্ৰথাত ও সংশোধন অনাটো প্ৰয়োজনীয় |কিন্তু এইক্ষেত্ৰত আমাৰ সমাজ নিমাত । গতিকে সমূহ অসমীয়া ৰাইজে  বিহুক অনুষ্ঠান হিচাপে নলৈ পৰম্পৰা হিচাপে জীয়াই ৰাখিবৰ বাবে পদক্ষেপ লোৱাৰ সময় সমাগত |


 ময়ুৰী ভূঞা
 শিৱসাগৰ
                                              

কষ্টদায়ক বেদনা

মোৰ নিৰৱ  নিস্তব্ধতাৰ ৰাতিবোৰ
তোমাৰ অবিহনে বৰ  কষ্টদায়ক
তুমি জানাই তোমাৰ অবিহনে,
মই শূণ্য মাথোঁ শূণ্য,
সকলো জানিও কিয় অবুজন,
হৈ পৰিছা তুমি |
বহুত অভিমান কৰিছিলো তোমাক,
তথাপিও চোন তুমি মোক,
এবাৰো এৰি থৈ নগ'লা,
কিন্তু আজি কিয় তুমি
একো ভূল নথকা স্বত্তেও
মোৰ পৰা ইমান দূৰৈত | 
আমিতো প্ৰতিজ্ঞা কৰিছিলো 
কাহানিও আঁতৰি নোযোৱাৰ
অথচ যোৱাৰ আগত,
এবাৰো নুসুধিলা
"চুমি কি হৈছে তোমাৰ"|
এবাৰ যদি সুধিলা হয়,
সকলো কৈ পেলালোহেতেন
কিন্তু তুমি মোক মাথোঁ;
চাৰিওফালৰ বন্ধ কোঠালিত,
আন্ধাৰৰ মাজত এৰি থৈ,
নিৰৱে আঁতৰি গ'লা |
আজি তুমি বহুত সুখী
মোৰ পৰা আঁতৰি গৈ,
কিন্তু ভাৱি চাইছা নে এবাৰ
তোমাৰ অবিহনে কেনেকৈ পাৰ কৰিছোঁ,
চকুলোৰে সৈতে উজাগৰি নিশাবোৰ |
তোমাৰ ব্যস্ততাৰ মাজত,
সময় পালে এবাৰ ভাৱি চাবা,
মোৰ মনৰ কথাবোৰ ||


চুমী গগৈ


যৌতুক

বহাগত
আমাৰ পদূলিৰ নঙলা
 খোলা থাকিব
বৰপেৰা খুলি আইয়ে
কাণৰ কেৰুযোৰ
তুলি দিছে পিতাইৰ হাতত
দৰা বৰণৰ আঙঠিৰে
শুৱাব জোঁৱাইৰ অনামিকা আঙুলি   
 নদীবোৰ 
গাভৰু হোৱাৰ পৰত
নপানীত ভাঁহি আহিছে
বাঁহ পাতৰ গোন্ধ
জেতুকা বুলীয়া সপোন এটাই
বুকুৰ মধ্যমণিত বাঁহ সাজোতেই
দুৰু দুৰু কঁপিছে হৃদয়ৰ কোণ       
 মোৰ নতুন জীৱনৰ যাত্ৰাত      
 আওল লাগিছে                       
পিতাইৰ শস্যৰ পথাৰ              
তিতাচপা কাঠৰ আচবাবত আহুতি
পিতাইৰ শতাব্দী প্ৰাচীন               
এক জীয়া সপোন 
যৌতুকৰ পেণ্ডোলামত                                      
ওলমি আছে                               
আধুনিক মানুহৰ আভিজাত্য       
দুদিন পাছত                                
আইৰ ঘৰ এৰি মই আঁতৰি যাম     
চাদৰৰ আঁচলেৰে                        
চকুলো মুহাৰি মুহাৰি                   
আইৰ আৰু পিতাইৰ                    
দৰিদ্ৰতাৰ সতে
সহবাস চাম |                         

  শ্ৰীমন্ত দত্ত                                 

জুবিন ককাইদেউ


শিল্পী তুমি বহু যুগৰ
তুমি শিল্পী বহু যুগৰ তোমাৰ হেঁপাহ বহু কালৰ | অমানিশা সাৰে আছে
আৰু সাৰে আছা তুমি
মোৰ বাবে , আমাৰ বাবে, হেজাৰ জনৰ বাবে | 
এইয়াই ভাল লাগে যে তোমাৰ বিশাল হৃদয়ত তুমি অহংকাৰৰ কঠিয়া সিচা নাই, হৃদয়ৰ তুলাচনীত জোখা নাই মৰমবোৰক , আপোন পৰৰ ঠিকনা বিচাৰি
যোৱ| নাই কোনো আন দেশলৈ |
আজি জোনে ওৰণী খহালেও তুমি ইয়াতেই , ওৰণী টানিলে ও তুমি ইয়াতেই | 
সোণেৰে সজোৱা পঁজা খহিব কিদৰে ! তুমি থাকোতেই |
তুমি শিল্পী বহু যুগৰ তোমাৰ হেঁপাহ বহু কালৰ |
তোমাৰ সৃষ্টিত আমাৰ হেঁপাহ আলফুলিয়া , আশা যুগমিয়া | 
গানৰ পথাৰত শস্য সিচি নাভাগৰা তুমি , তাৰ তলতে তাল মিলায় নাচিবলৈ ও নাভাগৰো আমি | 
তুমি শিল্পী বহু যুগৰ তোমাৰ হেঁপাহ বহু কালৰ ,
তুমি অমৰ চিৰদিনৰ |
তোমাৰ সৃষ্টিত আমি সফল |


কিশোৰ কুমাৰ বৈশ্য 

অপ্ৰাপ্তি

ষ্ট্ৰীট লাইটে খেদিব নোৱাৰা এন্ধাৰেৰে উজাই আহে পুৰাতন দুখ।
শেষ প্ৰহৰৰ ভোটা তৰাৰ চকুলো মোৰ দুচকুৰে নিগৰে।
অদূৰত..!!!
তমসাৰ প্ৰলেপ সানি কিবা এটাই অগাদেৱা কৰে। ফেউৰাৰ বিলাপত
এঙামুৰি দি উঠে ফৰিংফুটা জোনাক।
ঘিটমিটীয়া নিশা এটাই কলিজাৰ সোঁমাজত বতিয়াই দিয়ে সোঁৱৰণিৰ হতাশা !!!!
একা-বেঁকা পথৰ ধূলিয়ৰি কেঁকুৰিটোৱে সাঁচি থয় লক্ষ্যভ্ৰষ্ট খোজৰ অসংখ্য দাগ। আৰু
মই বাঁহফুলৰ বাগিচাত বহি লেখি থাকো অপ্ৰাপ্তিৰ এপিটাফ!


দেৱাশিস বুঢ়াগোহাঁই

সেন্দুৰ




পাৰা যদি সেন্দুৰৰ উজ্জ্বলতা বঢ়াই 'বা
তেওঁৰ নামৰ সেন্দুৰত মই দেখা নাপাওঁ
তুমি তেওঁৰ হোৱাৰ মৰ্যাদা..
উজ্জ্বল সেন্দুৰেৰে
মোৰ আয়ুস বঢ়াবলৈ কোৱা নাই তোমাক
মোক সুখী কৰিবলৈও কোৱা নাই
মোৰ নামৰ সেন্দুৰ পিন্ধিবলৈ
মইতো তোমাৰ সুখত সুখী
আৰু তুমি তোমাৰ আপোনজনৰ সতে.
পাৰা যদি সেন্দুৰৰ উজ্জ্বলতা বঢ়াই 'বা
তেওঁৰ নামৰ সেন্দুৰত মই দেখা নাপাওঁ
তুমি তেওঁৰ হোৱাৰ মৰ্যাদা..
কেতিয়াবা নিজকে সুধি চাইছা নে
তুমি বাৰু কাৰ
মোৰ
নে সেই সেন্দুৰ পিন্ধাজনৰ 
মইতো তোমাৰেই
মোৰ হেঁপাহ বোৰত তুমিও মোৰ
তুমিতো প্ৰতি পল মোৰ হৈয়ে ৰোৱা
কেতিয়াবা সপোনত
বিষাই থকা বুকুৰ কোণত
আলফুলে হাত বুলাই থাকা 
কেতিয়াবা এপলক চাৱনিতেই
তুমি আকৌ মোৰ হৈ পৰা
অভিনয় যদিও হাঁহিটো বৰ ধুনীয়া
কেতিয়াবাবোৰ বাদেই
আজি কালি প্ৰায়েই তুমি
মোৰ ৱাটচ্-এপৰ আলহী হৈ আহা
মাজে মাজে ঈশ্বৰক হাঁহিলো বহু বাৰ
পিছে ঈশ্বৰৰ  ভুল কি
তোমাৰ অবিহনে কি দিয়া নাই মোক
বহুত দিলে
দিয়া নাই মাথোঁ অবৈধ প্ৰেমৰ সংজ্ঞা
এই সংজ্ঞা অৱশ্যে নিজেই বিচাৰিলোঁ
অস্ত্ৰৰ দৰে
বৈধ 'লে
পৃথিৱীৰ সমুখেৰে সকলো লৈ যাব পাৰি
আৰু যদি অবৈধ হয়
গ্ৰেপ্তাৰ হোৱাৰ ভয়ত 'ৰবাত মাথোঁ লুকুৱাই ৰখা হয়
যিদৰে মই ৰাখিছো তোমাক
হৃদয়ৰ এটুকুৰা ভাঁজ নলগা অংশত 

পল্লৱ দত্ত 

Friday, 14 April 2017

বাস্তৱবোধহ্যত মোৰ অক্লিকাণ্ডা জীৱন



বহু তুচ্ছ-তাচ্চিল্য দুৰ্ভিক্ষপীড়িত শূন্যতা মোৰ ,
অপাংক্তেয় প্ৰভন্জনে ভ্ৰান্তিহীনভাৱে
অন্তহীন বীভৎস কৰিছে মোক
নিসংগতাৰ বহুলাংশ উষ্ণ চুম্বনত,
হেৰুৱাই পেলাইছো মাথোঁ মোৰ আত্মপৰিচয়
মোৰ চকুৰ আগত ভাহি আহিছে
শ্মশানৰ দপদপকৈ জ্বলি উঠা জুইকুৰা ,
মইতো অশ্লাঘ্য নহয়...
মাথোঁ দাৰিদ্য-পীড়িত নিঃসম্বলৰ পালংকত ,
অপ্রকৃতিষ্ঠভাৱে নাৰীত্ব বিলাইছো মই
মোৰ আত্মপ্রীতি নথকা নহয়,
কিন্তু এই আত্মপ্রীতি কদৰ্য , ভয়ংকৰ
হয়তো মৃত্যুৱে মোৰ সুখ ,
জন্মাৰ্জিত বৈচিত্র্যৰ এই পৃথিৱীত
অগ্য়েয়-প্রসূত মোৰ নিৰংকুশ জীৱন ।
এয়া ৰত্নখচিত পালংকত মোৰ ,
অস্থি-চৰ্মবিহীন ভোকাতুৰ দেহা ।
কি যে বৈচিত্র্য, অনিত্য জীৱন মোৰ ...
এৰা ...বহু নৰখাদকৰ বিকৃত ,অসংবৃত
কুন্ধছ নায়িকা হ'লো মই ।
.....তেনেকৈয়ে আজি মোৰ মৃত্যু হ'ল ,
আৰু নৈশ-নিস্বনযুক্ত মোৰ অশ্লাঘ্য শৰীৰ
পৰি ৰ'ল ডাস্টবিনত......।
সচাঁকৈ বাস্তৱবোধহ্যত মোৰ অক্লিকাণ্ডা জীৱন ।


ভৃগুপতি হাজৰিকা