বেটুপাত

বেটুপাত

Wednesday, 22 November 2017

মুখ্য সম্পাদকৰ কলমত

"আঘোনৰ সোণোৱালী পথাৰ, হাতত কাঁচিখন লৈ সোণ বুটলিবলৈ গৈছে আমাৰ জীয়ৰী-বোৱাৰীসকল। ডেকাসকলে কান্ধত উপচাই আনিছে গুটিধান ভড়াললৈ বুলি।"
এখন সুন্দৰ প্ৰতিছব্বি গ্ৰাম্য জীৱনৰ। কিন্ত সেই শান্তিক যেন মষিমূৰ কৰিবলৈ বাৰে বাৰে আহি আছে কিছুমান দেশবিৰোধী শক্তি , জাতিবিৰোধী শক্তি। হিন্দু-মুছলমান, খিলঞ্জীয়া-থলুৱা, দেশী-বালাংদেশী এই শব্দবোৰে যে প্ৰদূষিত কৰিছে অসমৰ বায়ু-পানী। ভাতৃঘাতী সংঘাতত লিপ্ত হবলৈও যে কুণ্ঠাবোধ কৰা নাই আমি ঐক্য,সংস্কৃতি বিনাশ কৰি। এচাম দুষ্টচক্ৰৰ প্ৰৰোচনাত পৰি এচাম হৈ পৰিছে উদ্ভান্ত। নিজৰ সন্তানৰ বয়সৰ, নিজৰ নাতিয়েকৰ বয়সৰ  যুৱকে ফেচবুকত অশ্লীল শব্দবাণেৰে গালি পাৰিব পৰা ' ৰাজ্যৰ বৰেণ্য ব্যক্তিসকলক। ৰাজ্য জোকাৰি যোৱা প্ৰতিবাদ। বাধ্য কৰা ' এজন বিশিষ্ট ব্যক্তিক ৰাজহুৱা জীবন ত্যাগ কৰিবলৈ।
এই সকলোবোৰ ঘাত-প্ৰতিঘাত বুকুত সামৰি এদেও-দুদেও কৈ আগবাঢ়ি গৈ আছিল আমাৰ জাতিটো। কিন্ত যোৱাকালি পালো এক মুক্ষম আঘাত। অপূৰণীয় ক্ষতি জাতীয় জীৱনৰ, সাংস্কৃতিক জীৱনৰ।
 স্বগীয় চিৰসেউজ অভিনেতা বিজু ফুকনৰ মৃত্যুৰ বাতৰিত আমি মৰ্মাহত। সুবাসৰ পৰিয়ালৰ পৰা তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰাৰ উদ্দেশ্য নেদেখাজনৰ ওচৰত সেৱা আগবঢ়ালো।
শেষত সুবাস আলোচনীখন প্ৰকাশত হোৱা বিলম্বৰ বাবে ৰাইজৰ ওচৰত ক্ষমা ভিক্ষাৰে আৰু সুবাসৰ মুখ্য সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হোৱা ভুলৰ বাবে পুনৰ এবাৰে ক্ষমাৰে, মোক সহায় কৰা সুবাসৰ প্ৰতিজন কৰ্মকতা (বিশেষকৈ পল্লব ভাইটি) আন্তৰিক ধন্যবাদ জনাই আপোনালোকৰ হাতত তুলি দিলো সুবাসৰ নবেম্বৰ মাহৰ খণ্ডটি।

ধন্যবাদেৰে

দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক

সুবাস

সুবাসৰ এই মাহৰ অতিথি ভৃগু কাশ্যপ

আপুনি অসমৰ সংগীত জগতৰ এটা চিনাকি নাম ।সংগীতৰ জগতখনৰ প্ৰতি আপুনি কিদৰে আৰ্কষণ হল?
ভৃগু কাশ্যপঃ ধন্যবাদ সংগীত জগতৰ চিনাকি নাম হোৱাৰ সুবিধাকন মোক ৰাইজে দিছে আৰু এই চিনাকীৰ আঁৰত যথেষ্টখিনি ৰাইজ আছে।

আপোনাৰ জীৱনৰ ট্ৰাৰ্ণিং পইন্ট কি আছিল সংগীতৰ পৃথিৱীত সফলতা লাভ কৰাত ?
ভৃগু কাশ্যপঃ আছলতে মই কোনোধৰণৰ ট্ৰাৰ্ণিং পইন্ট এটা আহিব বুলি কাম কৰি থকা নাছিলো। কাম কৰি গৈছিলো নিজৰ কাৰণে, সংগীত ভালপাওঁ আৰু ট্ৰাৰ্ণিং পইন্টতো নজনাকে আহিলেহে মই নিজৰ বাবে ভাল বুলি ভাবো। তথাপি এক কথাত 'বলৈ গলে "মনিমালা" গীতটো ৰাইজে আদৰি লোৱাৰ কথা ' পাৰো।

বৰ্তমান সময়ত অসমত পেছাদাৰী গায়ক তথা শিল্পীৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত?
ভৃগু কাশ্যপঃ বৰ্তমান সময়ত পেচাদাৰী গায়ক বা শিল্পী বুলি কলে খুউব এটা ভাল বৃত্তি। আৰু ইয়াৰ জৰিয়তে স্বাৱলম্বী ' পাৰে বুলি কোনো সন্দেহ নথকাকৈ ভাবো।

আপুনি বিভিন্ন সময়ত বিভিন্ন বিতৰ্কৰ মাজত সাঙোৰ খাই পৰে , সফলতা লাভৰ বাবে বিৰ্তক প্ৰয়োজনীয় বুলি ভাবেনে আপুনি?
ভৃগু কাশ্যপঃ বিতৰ্কবোৰ আচলতে নিজে কৰা নাযায়। সমাজত যেতিয়া নিজৰ পৰিচয়তো অলপ ডাঙৰ হৈ যায়, তেতিয়া বহু কাম কৰিব লগা হয় বা বহু কাম কৰিব লগা নহয়। ভুলক্ৰমে যেতিয়া নকৰিবলগা কাম কিছুমান কৰা যায়, তেতিয়া সেইবোৰেই  বিতৰ্কৰ ৰূপ লয়। আৰু সফলতা বা বিফলতাৰ ক্ষেত্ৰত বিতৰ্কৰ কোনো স্থান নাই।

আজিৰ পৰা বছৰ পিছত আপুনি নিজকে কত চাব বিচাৰে?
ভৃগু কাশ্যপঃ পাঁচ বছৰ বুলি নহয়, মই প্ৰত্যেকটো মূহুৰ্ততে এটা বেলেগ ঠাইত দেখা পাওঁ। আজি মই ' আছো, এইটোও পাঁচ বছৰ আগৰ সপোন আছিল। বা এতিয়া মই নিজকে ' চাবলৈ বিচাৰি আছো সেইয়া পাঁচ বছৰ বুলি নহয় হয়তো দহ বছৰো লাগিব পাৰে। আপোনালোকক নিশ্চয় জনাম।

 আপোনাৰ সফলতাৰ আৰত থকা কোনো বিশেষ ব্যক্তি?
ভৃগু কাশ্যপঃ মোৰ মা-দেউতা, মোৰ পৰিয়াল। লগতে মোৰ সকলো শুভাকাংক্ষী।

ব্যক্তিৰ জীৱনত প্ৰেম,ভালপোৱাৰ গুৰুত্ব সৰ্ম্পকে আপোনাৰ মতামত।
ভৃগু কাশ্যপঃ প্ৰেম-ভালপোৱা জীৱনৰ এটা অংগ। প্ৰেম ভালপোৱা নাথাকিলে সংগীতৰ সৃষ্টি কেনেকৈ ' ? মোৰো প্ৰেম ভালপোৱা আছিল। কিন্তু এতিয়া মোৰ প্ৰেম ভালপোৱা কেৱল সংগীত।

ভৃগু কাশ্যপ ডাঙৰীয়া আপোনাৰ প্ৰথম প্ৰেম বিষয়ে কিছু কথা কব নেকি??
ভৃগু কাশ্যপঃ প্ৰথমেই কৈছোঁ মোৰ প্ৰথম প্ৰেম সদায় সংগীতৰ সৈতে। সংগীতেই মোৰ প্ৰেম।


সংগীতৰ পথাৰত নতুনকৈ খোজ পেলাব বিচৰা সকললৈ আপোনাৰ কবলগীয়া
ভৃগু কাশ্যপঃ মোৰ 'বলগীয়া এটা কথা সংগীতৰ সাধনা লাগিব আৰু সামাজিক দায়বদ্ধতাৰ মাজেৰে তেওঁলোক আগুৱাই যাওক।

 আপোনাৰ নিজৰে বহু জনপ্ৰিয় গান আছে। কিন্ত নিজৰ গানসমূহৰ উপৰিও আপোনাৰ  কোনজন গায়কৰ গান শুনি ভাল লাগে?
ভৃগু কাশ্যপঃ গান বুলিবলৈ যিহেতু অসমত ডাঙৰ হৈছো গতিকে ডঃ ভূপেন হাজৰিকা, দীপেন বৰুৱা ছাৰ, কুল বৰুৱা, পুলক বেনাৰ্জী, জুবিন দা-পাপন দাকে আদি কৰি অসমৰ সকলো কণ্ঠ শিল্পীৰ গান শুনি ভাল পাওঁ।

 আপোনাৰ আৰ্দশ ব্যক্তি কোন ?
ভৃগু কাশ্যপঃ আদৰ্শ ব্যক্তি বুলি কলে বহুতৰে নাম ' লাগিব কিন্তু যদি সংগীতৰ কথা কওঁ তেন্তে দুগৰাকী ব্যক্তিৰ নামেই '- জুবিন গাৰ্গ আৰু অংগৰাগ পাপন মহন্ত।

আজৰি সময়ত কি কৰি ভাল পায়?
ভৃগু কাশ্যপঃ আজৰি সময়ত ফুৰিবলৈ গৈ ভাল পাওঁ। লগৰবোৰৰ লগত সময় কটাই ভালপাওঁ।


আমাৰ আলোচনী সম্পৰ্কত  দুৱাষাৰ
সুবাস আলোচনীখনে অতি কম সময়তে যথেষ্ট
জনপ্ৰিয়তা লাভ কৰিছৈ। সুবাস আৰু আগুৱাই যাওক। অসমৰ সাহিত্যৰ পথাৰত সুবাস লখিমী হৈ থাকক। তাকেই কামনা কৰিলো।


সাক্ষাতগ্ৰহণ :- মানস জ্যোতি চলিহা

তোমাৰ প্ৰেমিক হৈ পৰিছো

শব্দবোৰে কৰবালৈ ঢাপলি মেলিছে
মইচোন টেবুলৰ কাষতে,
মোৰ হাতৰ কলমটোও থমকি ৰৈছে
কোলাহলে কিয় বাৰে বাৰে আগুৰি ধৰিছে
সকলো জানিও আজি  মই নিঃশব্দ হৈ ৰৈছো
মনটোৱে কিয় বাৰে বাৰে তোমাৰ কাষলৈ ঢাপলি মেলিছে ৷
উৰি যোৱা মনটোক শব্দৰ মাজত বিলাব পৰা নাই
তুমি ধৰি ৰাখিছা কিয়...?

সেই গণেশ ঘাটৰ লুইতৰ বালিত বহি
প্ৰেমে সনা মিঠা সময় বোৰ ভাবি ভাল লাগে
মুকলি আকাশৰ তলৰ মুক্ত বতাহে
মনটো তোমাৰ কাষলৈ উৰোৱাই নিয়ে
অগ্নিগড়ৰ শিখৰত বহি নিজান সময়বোৰৰ লগত
তোমাৰ মৰম বোৰৰ কথা ভবি
কেতিয়াবা মই অকলেই মিচিকিয়াই থাকো
কাৰণ মই যে তোমাৰ প্ৰেমিক হৈ পৰিছো ৷

পল্লৱ তামুলী ফুকন
লখিমপুৰ

Tuesday, 21 November 2017

মোৰ বাৰে তুমি আজুৰি নিছিঙিবা তোমাৰ পদূলিৰ ৰজনীগন্ধা

ফেচবুকতেই চিনাকি দুইটাৰ!! তাই যিমান চিৰিয়াচ সি সিমানেই ধেমেলিয়া!! প্ৰথমে ফ্ৰেণ্ডশ্বীপ তাৰপিছত সি তাইৰ প্ৰেমত পৰিল!! ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিদ্ধি!! মাজত আভিজাত্যৰ এখন ওখ দেৱাল!! সি অবুজন আৰু তাই বাধ্য!! তাই তাৰ সৰ্বত্ৰ বিয়পি পৰিছে!! নোপোৱাৰ বেদনাবোৰে চিৎকাৰ কৰি বিচ্ছেদৰ ৰূপ ল'লে!! ফেচবুক/ৱাটচআপ/ফোন সকলোতে তাই ব্লক কৰি দিলে তাক!! নোৱাৰে তাই কোনোপধ্যেই তাৰ প্ৰেমক সঁহাৰি জনাব!! উপায়ন্ত তাই!!

এটা বছৰ পাৰ হৈ গ'ল...................

কিন্তু মনটোতো আৰু টেকনলজি নহয়!! যে ক্লিক কৰিলে আৰু ব্লক হৈ গ'ল!! আবেগৰ ওচৰত হাৰ মানি আকৌ কাষ চাপিল দুইটা!!
প্ৰথমতে অলপ attitude, যেন একো হোৱাই নাছিল!! তাৰপিছত অলপ অভিমান মিহলি গালি!! আৰু শেষত পাৰ ভঙা চকুলো!! আৰু লগ লোৱাৰ দুৰ্বাৰ হেঁপাহ!!

কথাবোৰ ভাৱি থাকোতে কেতিয়া তাই ৰেষ্টুৰেণ্ট পালেহি গমেই নাপালে!! বহি আছিল সি নিৰ্দিষ্ট চকীখনত!! প্ৰথম বাৰ লগ হৈছে দুইটা!! তাৰ যেন চকু আঁতৰিয়েই নাযাব তাইৰ মুখখনৰ পৰা!! সি সকলোতকৈ ধুনীয়া দেখা ছোৱালীজনী তাই!! ক'ৰপৰা জানো লাজ এসোপা আহি তাইৰ মুখত থোপ খাইছিল!! আজি যেন পৃথিৱীৰ সকলো সূখ তাহাঁত দুটাৰ নামত উৎসৰ্গিত!!

কিন্তু.....................

সপোনবোৰ কাঁচৰ দৰে থুনুকা!! তাৰ প্ৰেমত বৰ্তমান আনৰ অধিকাৰ!! সি কৈ গৈছিল কিদৰে তাইক হেৰুৱাই দিন-ৰাতি চকুলোৰে একাকাৰ হৈ গৈছিল!! তাই ঘূৰি যাব বুলি সপোনৰো অগোচৰ আছিল!! আৰু সেই বিৰহৰ দিনবোৰতেই ছোৱালী এজনীৰ লগত চিনাকি হৈছিল!! দুখ দুয়োটাৰে আছিল!! ছোৱালীজনীৰ পিতৃক হেৰুৱাৰ!! আৰু তাৰ প্ৰেমক হেৰুৱাৰ!! দুখবোৰে দুখবোৰক আকোঁৱালি  লৈছিল!! সি কৈ গৈছিল কম্পিত ওঁঠেৰে!! আৰু তাই মমৰ পুতলা!! তাৰ শব্দৰ উত্তাপত গলিছিল!!

সি ক'লে মোৰ হৃদয়খন অকল তোমাৰ!! মই আনৰ হৈ যাম কিন্তু মোৰ ভালপোৱাখিনি কেৱল তোমাৰ!! এতিয়া তুমিয়েই কোৱা মই কি কৰিলে তুমি সুখী হ'বা??

তাইৰ চকুপানীখিনি মচিবলৈ আগবাঢ়ি অহা তাৰ হাতখনক বাধা দি তাক ক'লে.............
"তুমি তাইক সুখী ৰাখিলেই মইও সুখী হ'ম!!"

বেগতো হাতত লৈ মুখত হাঁহিটো লৈ উঠি গ'ল তাই...........

স্বাগতা শইকীয়া

দেৱী



ৰিমাই হাঁহিলে বৰষুণ দিয়াৰ পিছত ওলোৱা মৃদু ৰদ যেনেকে দেখা দিয়ে সেই হাঁহি ৰিমাৰ মুখত লাগি থাকে সদায় অভ্যাস হৈ গৈছিল ৰিমাৰ
সেই হাঁহি পিন্ধি লোৱাৰ তাৰিনী পাঠকৰ লগত চৈধ্য বছৰ কটাই ৰিমাই শিকিছিল মানুহৰ লগত ধেমালি কৰিব , ৰাভা সংগীত , জ্যোতি
সংগীত গাবলৈ কোনো এখন নাটকৰ অংশ এটা আওৰাব গুৱাহাটী বিশ্ববিদ্যালয় পঢ়া দিনতে পিতৃ ঢুকুৱাৰ পিছত সকলো দায়িত্ব কান্ধ পাটি
লোৱা ডাঙৰ দাদাকে তাৰিনী পাঠকৰ বিয়াৰ প্ৰস্তাৱটো ৰিমাক দিছিল পাঠক তেতিয়া এজন চৰকাৰী চাকৰিয়াল আছিল ৰিমাই দাদাকক উত্তৰত
কৈছিল ," দাদা তই লৰাজন ভাল বাবে মোক কৈছ , বেয়া হলে মোক নকলি হয় " মাকৰ ঘৰত ৰিমা খুব মৰমত ডাঙৰ হৈছিল বহুত
নাছিল থকাখিনিকে বহুত বুলি ধৰি সুখী হৈছিল ৰিমাই বিধৱা মাক , ভতিজা , দাদাক , বৌৱেকহতক এৰি অহাৰ দুখ পাতলালে তাৰিনী
পাঠকৰ মৰমৰ ঘৰখনত তাৰিনী পাঠক খুব ৰাঙিয়াল মানুহ গান, কবিতা , কৌতুক লিখাত তেখেত পাকৈত সেই ঠাইৰ মানুহে জানে
পাঠকক সকলোৰে শ্ৰদ্ধাৰ সাংস্কৃতিক ব্যক্তি পাঠক সেই ঠাইৰ লৰা ছোৱালী বিলাকক গান , নাটক পাঠকে বিনা বেতনত শিকাই তাকো
অফিচৰ পৰা আহি ভাগৰি জুগুৰি ৰিমাই প্ৰথমতে মানা কৰিছিল ভাগৰ নালাগেনে ? পিছত বুজি পাইছিল মানুহজনৰ ভাগৰ কমেহে ৰিমাই
সিহঁতৰ লগত লগ লাগিল গান , নাটক সকলোতে মাজে মাজে ডাঙৰ জাজনীৰ পৰা গালি খাই , তাৰিনীয়ে নাচনী আনিলে ৰিমাৰ চকু
ৰঙা জবা হোৱাৰ আগে পাঠকে বুজাই , " তিৰোতা সকলো নহয়, কিছুমানে হিংসা কৰে তুমি ভাল গান গোৱা , ভাল অভিনয় শিকোৱা বৌ
বেয়া নহয় , পিছে কথা কব নাজানে " ৰিমাই মানি লৈছিল , পাঠকে আৰু কোনোদিনে ৰিমাক বুজাব লগা নহল ৰিমাই সেই ঠাইৰ
বেচৰকাৰী বিদ্যালয় এখনত সোমালে নৱম আৰু দশম শ্ৰেণীৰ শিক্ষয়ত্ৰী হিচাপে বিয়াৰ এবছৰ পিছত তাৰিনী পাঠকৰ চাকৰিটো গল , কিছুমান
দুষ্ট ৰাজনৈতিক ব্যক্তিৰ কবলত পৰি ৰিমাই তাৰিনী পাঠকক বুজাইছিল ," একো নহয় মই আছো , মইও উপাৰজন কৰিম আপুনি চিন্তা
নকৰিব। " সময় নহোৱা হৈ গৈছিল ৰিমাৰ দিন ৰাতি টিউচন কৰে , বিদ্যালয়ত পঢ়ায় তাৰ পিছত ঘৰত আহি ডাঙৰ জা জনীৰ বেয়া ব্যৱহাৰ
শুনে পাঠকক ৰিমাই একো নকয় , সৰু শিশুক মৰম কৰা দিয়ে , নাভাবিব কয় হয়তো ভাবে পাঠকে , ৰিমাৰ কষ্ট দেখি ভাৱে সেয়ে
এদিন পাঠক ওলাই গৈ LIC agent হৈ ঘৰলৈ ওভতি আহিল ৰিমাৰ বহুত খং উঠিছিল কষ্ট হব আপোনাৰ পাঠকহতৰ ঘৰৰ পৰিয়াল
বাঢ়িল দাদাকে পাঠকক কলে ওচৰতে অলপ মাটি কিনি বেলেগকৈ থাক বোপা ঘৰটোত মানুহ নধৰা হল ডাঙৰ জাজনীয়ে ৰিমাক শুনাব
নেৰিলে , এই বাজীজনীৰ কাৰণে মোৰ লৰা ছোৱালী পঢ়াত বেয়া হল সিদিনা কিন্তু বহু নিশালৈ ৰিমা আৰু পাঠকে বহুত কান্দিলে ৰিমাৰ
বিয়াৰ পিছত তিনিবাৰ সন্তান পেটত সোমাই নষ্ট হৈ গৈছিল চিকিৎসকে ৰিমাক কৈছিল দোষ ৰিমাৰ নায় , পাঠকৰ হে পাঠকৰ ডাইবেটিক
আছে , সেয়ে গৰ্ভত তিনিমাহ হোৱাৰ আগতে সন্তান নষ্ট হৈ যায় তিনিবাৰ গৰ্ভপাত কৰি নষ্ট হৈ যোৱা সন্তানৰ বাবে যে ৰিমাৰ দেহৰ অৱনতি
হৈছে তাকো কৈছিল চিকিৎসকে আৰু ৰিমাই যেন মা হবলৈ চেষ্টা নকৰে কথাখিনি কৈ চিকিৎসকজনে দুটামান ঔষধ লিখি দি চহী এটা মাৰি
দিছিল এটা চহীটে ৰিমা মাতৃহীনা হৈছিল
ৰিমাই বাৰে বাৰে ঘড়ীটোলৈ চালে , গধূলি হল আইটু টিউচনৰ পৰা ওভতি অহা নাই চাৰজনক ফোন কৰি গম পালে টিউচন সময়ত
শেষ , কত যাব পাৰে আইটু ? গেট খুলা শব্দ শুনি ৰিমা দৌৰি গল , "আইটু কত গৈছিলা ইমান দেৰি চাৰক .." আইটু য়ে নামাতি ঘৰৰ
ভিতৰত সোমাই গল আইটুৰ এই ব্যৱহাৰ ৰিমাৰ অভ্যাসৰ এটা অংশ বুজি লৈছে ৰিমাই , হৃদয়ত বহুত দুখৰ প্ৰতিফলন আইটুৰ এই ব্যৱহাৰ
দেখিবলৈ ওখ খুব ধুনীয়া ছোৱালীজনীক কোনো মাতাল কবিয়ে কৈ উঠিব , " ইমান মনোৰম আৰু সুন্দৰ এপাহ সুগন্ধি তগৰ তুমি " হায় এই
ফুলপাহ হাঁহিব নাজানে দেউতাকে আইটুৰ ওচৰত আহি সুধিলে, দেৰি হোৱাৰ কাৰণ তাই কলে ,"লগৰ নিশাৰ ঘৰত গৈছিলো বিজ্ঞানৰ
কিবা পঢ়া .. " "তুমি এইখিনি কথা ৰিমাক কব নোৱাৰা ? " নিশাৰ মাকক ফোন কৰি দেউতাকে গম পালে আইটু সচাঁ কৈছে
দেউতাকৰ খং অলপ কমা যেন দেখি মাইনু আইটুৰ ওচৰত বহি বায়েকৰ লগত ধেমালি কৰাত লাগিল ৰিমাই দুয়োৰে ভাত বাঢ়ি মাতিলে ভাত
খাই দুয়ো ভনীয়েক বিচনাত গল মাইনু খুব মৰমলগা ধেমালিয়া ছোৱালী ৰিমাই দুয়ো ভনীয়েকক শুব দি আঠুৱাখন গুজি দি বাৰান্দাত থিয়
দিলে
ৰিমাৰ তাৰিনী পাঠকলৈ মনত পৰিল ৰাভা সংগীত এটা মনৰ মাজত গুণগুণালে ৰিমাই তেনেতে পৰেশ বৰুৱাই ৰিমাৰ ওচৰত গৈ সুধিলে ,
"ভাত খালানে ? নুশুৱা ৰিমা? " ৰিমাই পৰেশ বৰুৱালৈ চাই লাহেকৈ কলে আপুনি শুৱক মই কিবা এটা লিখিম আজি বৰুৱাই হাঁহি মাৰি শুভেচ্ছা
দি ৰিমাক জোকাই গল , "লিখা ৰিমা পাঠকৰ কথা লিখা তোমালোকৰ প্ৰেমৰ কথা লিখা "
ৰাতিপুৱা পাচ বজাৰ এলামৰ শব্দত ৰিমাই সাৰ পাই আইটু আৰু মাইনুক মাতিলে উঠা উঠা দেৰি হৈছে কথাষাৰ কৈ ৰিমাই সিহঁতৰ টিফিন
বনাব গল। কোনে কি খাবা কোৱা ? ৰাতিপুৱা আৰু টিফিনত ? মাইনুৱে ৰিমাৰ ওচৰত গৈ কলে , "মা মোক ৰুটি ভাজি দিবা " ৰিমাই
আইটুক সুধিলে, তাই আন দিনৰ দৰে নিমাতে থাকিল মাইনুৱে বায়েকৰ ওচৰত গৈ কলে , " মা সুধিছে বা টি.. " আইটুৱে কেক বুলি
সৰুকে কলে যদিও ৰিমাই বুজিলে আইটুৰ কেক খুব প্ৰিয় ৰিমাই কেক বনাব নাজানিছিল , আইটুৱে সদায় দুখ মনে থাকে বাবে তাই ভাল পোৱা
প্ৰিয় বস্তুটো ৰিমাই শিকি লৈছিল বিদ্যালয়ৰ বাবে সকলো যতনাই দি ৰিমাই আইটুক বাৰে বাৰে গণিতৰ সূত্ৰবোৰ পঢ়া টেবুলৰ সন্মুখত এখন
কাগজত লিখি বেৰত মাৰি থোৱাৰ কথা কলে আইটু গণিতত দুৰ্বল আছিল অলপ দুয়ো ভনীয়েক বিদ্যালয়লৈ যাবলৈ দেউতাকৰ গাড়ীত উঠিল
মাইনুৱে ৰিমাক চিঞৰি চিঞৰি মাত লগালে , " মা যাওঁ " ৰিমাই মাইনুৰ মুখত এটা চুমা দি ভালকৈ পঢ়িব কলে আইটু মুৰত ৰিমাই
হাত বুলাব যাওঁতে তাই অলপ আতৰি গাড়ীৰ ভিতৰত গল আৰু মুখখন ঘুৰাই দিলে
ৰিমাই আইটু আৰু মাইনু দুপৰীয়াৰ ভাত বাঢ়ি বিদ্যালয়ৰ পঢ়াৰ খবৰ ললে মাইনুৱে কলে , " দেউতা , অহাকালি বিদ্যালয়ত মিটিং আছে
, তুমি যাবা " বৰুৱা ৰিমালৈ চালে , ৰিমাই বুজিলে বৰুৱাই ৰিমা সিহঁতৰ অভিভাৱক হিচাপে যোৱাটো বিচাৰিছে
পিছদিনা ৰিমাই মেখেলা খন পিন্ধি থাকোতে আইটু কোঠাত সোমাই আহি কলে , " কৰবাত যাব আপুনি ?" ৰিমাই আইটুলৈ চাই মুখ মেলিছিল
হে তোমালোকৰ বি .. আইটুৱে চিঞৰি উঠিল , " একো দৰকাৰ নাই আমি লাজ পাওঁ , আপুনি আমাৰ মা নহয় "
ৰিমাই সৰগ পৰা মানুহৰ দৰে থিয় দি থাকিল "মা , মা", মাইনুৰ মাতত তাইলৈ চালে দেউতাই ওলাব কৈছে , মাইনুৰ কথা শেষ নহওতে
ৰিমাই কলে দেউতাক কবা মোৰ গা ভাল নহয় , দেউতা যাওঁক চিকিৎসকৰ এটা চহীত মা নোহোৱা ৰিমাই পাঠকলৈ মনত কৰি বাথৰুমত গৈ
মুখত সোপা দি খুব কান্দিলে
ৰিমাই গধূলি থাপনাত ধূপ চাকি লগাই প্ৰাথনা কৰি ভাৱি আছে আজি আইটু আৰু মাইনুৰ পঢ়া শেষ কৰাই আজৰি হৈ ভানুক এটা ফোন কৰিম
ভানু, তাৰিনী পাঠকৰ সৰু ভাইবোৱাৰী ভানু আৰু ৰিমাৰ ইমানেই একাত্মতা আছিল যে ৰিমাৰ মন বেয়া থাকিলে ভানুক নকলেও তাই গম পায়
যায় , বাইদেউ আজি আপোনাৰ মন বেয়া কান্দোন ওলাই আহিব .. আদি নহোৱা কথাৰে ৰিমাৰ হাঁহি উঠাই দিয়ে মনত পৰে ভানুলৈ ৰিমাৰ
মা হব নোৱাৰা কথাটো শুনি ভানুৱে ৰিমাক বুজাইছিল, " বাইদেউ এতিয়া আপোনাক আৰু ডাঙৰ বাইদেউ য়ে বাজী বুলি গালি নাপাৰে , আজি
গৈ ডাঙৰ বাইদেউক কম নজনাকৈ মানুহক কথা কব নালাগে " চিকিৎসকৰ কোঠাৰ পৰা ওলাই আহি ৰিমাই ভানুৰ হাতত ধৰিলে , দৃঢ়তাৰে
কলে ঘৰত কাকো নকবি কথাটো তই আৰু মই শুনিলো , বচ পাহৰিলো ভানুৱে প্ৰতিবাদ কৰিলে আপুনি বাজী বুলি শুনিব সদায় ? ৰিমাই
সকলো আৱেগ বিসৰজন দি সহজভাৱে কৈছিল লেতেৰা ৰাজনৈতিৰ কবলত পৰি দাদাৰেৰ চৰকাৰী চাকৰিটো গল আৰু এতিয়া দাদাৰেৰ বেমাৰৰ
বাবে আমাৰ সন্তান নহব বুলি জনাই দাদাৰেক দুখ দিয়াতকৈ মোকেই মাৰি পেলোৱা ভানুই চকুৰ পানী মচি ৰিমাক নমাতাকৈ থাকিল এদিন
ৰিমাই ঘৰত আহি পাঠকক কৈছিল চিকিৎসকে মোৰ গৰ্ভত কিবা দোষ পাইছে পাঠকে কৈছিল আমি চিকিৎসা কৰিম দিয়া চিন্তা নকৰিবা ৰিমাই
খুব ব্যস্ততাৰে কাম কৰি কৰি য়ে কৈছিল নালাগে দিয়ক মোৰ মন নাই এতিয়া , পিছত ভাবিম বাইদেউৰ লৰা ছোৱালী মোৰ নহয় জানো
আৰু ভানু , তাইৰো দুদিন পিছত সন্তান হব তাইৰ সন্তানটো অলপ ডাঙৰ হলে আমি ভাবিম , সচাকৈ ভাবিম। পাঠকক একো কব সুযোগ নিদি
ৰিমা কোঠাৰ পৰা ওলাই গৈছিল
ৰিমাই বিদ্যালয়ৰ পৰা আহি মুখ হাত ধুইছে মাত্ৰ তেনেতে ডাঙৰ জাজনীয়ে খেদি আহিলে তোৰ বাজীৰ পালাত পৰি মোৰ ছোৱালীজনীৰ বেমাৰ
হল, লৰাটোৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হল।
ৰিমাই ভাবি নাপালে ডাঙৰ জাজনীৰ কথাৰ উত্তৰ কি হব পাৰে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰতকৈ টান কিছুমান কথাৰ সমিধান ।অথচ ৰিমাই পঢ়োৱা
লৰা ছোৱালী বোৰে চোন সফলতাৰে উত্তীৰ্ণ হয়। ৰিমাই নিজৰ কোঠাত সোমাই গৈ পাঠকক অসময়ত কোঠাত দেখি সুধিলে আজি LIC কাম
সোনকালে শেষ ?পাঠকে বৌয়েকে ৰিমাক কৰা দুব্যৱহাৰ শুনিছিল যদিও এই ভাবিয়ে একো হুলস্থুল নকৰিলে যে বৌয়েকৰ বেয়া মুখৰে ৰিমাক বাজী
বুলি আৰু কথা শুনালে ৰিমাই মনত দুখ পাব "",বুলি কৈ পাঠকে বাইকখন লৈ ওলাই গল। ৰিমাই চিঞৰিলে কিবা এটা খাওক চুগাৰ বাঢ়িব
পাঠকে খুৱা বুলি কৈ এটা উদ্দেশ্যৰে ওলাই গল , অলপ মাটি কিনি ঘৰ বনাই ভানুৰ সন্তান হোৱাৰ পিছত ঘৰখনৰ পৰা বেলেগ হব মনৰে
কোনেনো বেলেগ হয় , শৰীৰেৰে হয় মনৰে যাকে ভবা যায় , মনত কৰা যায় , চিন্তা লোৱা যায় সেইজনৰ , সি বেলেগে থাকিও বেলেগ
হব নোৱাৰে সেইদিনা নিশা পাঠকৰ বহু দেৰি লৈ দাদাক আৰু ভায়েকৰ সৈতে কটোৱা শৈশৱৰ দিনবোৰলৈ মনত পৰি থাকিল
পাঠকে মাটি অলপ কিনিলে জমা সকলো ধন ভাঙি ৰিমাৰ বেলেগ থকাৰ অলপ মন নাছিল হাজাৰ হওঁক ইয়াত গালি পাৰিবলৈ বাইদেউ
আছে , মৰম কৰিবলৈ ভানু আছে মাজনী আৰু বাবুকণে খুৰীমা বুলি তাইৰ পিছে পিছে থাকে সকলো নিজৰ মানুহৰ সম্পৰ্কৰ কাৰণেতো
গালি , মৰম , আৱডাল শব্দবোৰ খাটে ভাৱে ৰিমাই , অচিনাকী মানুহ হোৱা হলে ডাঙৰ জাজনীয়ে বাজী বুলি গালি নাপাৰিলেহেতেন ৰিমাক
ভানুৰ তাৰিখ ওচৰ চাপি আহিছিল
এদিন ৰিমা বিদ্যালয়ত থাকোতে বাবুকণে দৌৰি গৈ ভয়ে ভয়ে ৰিমাক কলে সৰু খুৰীয়েকে পেটৰ বিষত কান্দি আছে ৰিমাই টাউনৰ পৰা
চাৰিচকীয়া বাহন এখন ভাড়ালৈ লৈ বাবুকণৰ সৈতে ঘৰ পালেগৈ। ভানুৱে ৰিমাৰ হাতত ধৰি কলে আপুনিও বলক মোৰ ভয় লাগে ভানুৰ
মাহীয়েকে কলে, " ৰিমা এনেও নাযায় দে ভানু , নাপায় নহয় শুভ কামত ৰিমা যাব "
ভানুৱে চিঞৰিছিল , " বাইদেউ , .. বাইদেউ " ৰিমাই পলাইছিল সিদিনা খন , গাত লাগিছিল তাইৰ , কাৰণ ভানুৰ মাহীয়েক সিহঁতৰ
ঘৰৰ সদস্য নাছিল
শুভ ফল ঘৰত সোমোৱাৰ আগতে ৰিমাই পাঠকক কৈ কেইখনমান তৰজা কিনি আনি , পাঠকে কিনা মাটিখিনিত এটা কোঠা উলিয়াব আৰম্ভ
কৰিলে ভানুক বুজে ৰিমাই হলেও ভয় হয় , ৰিমাৰ বিয়াৰ পিছতে মাজনীৰ বসন্ত বেমাৰ হৈ এবনৰমেল হৈ গৈছিল মাজনীৰ বেমাৰ বেচি
হওতে ৰিমাই বাৰে বাৰে চিকিৎসকক সোধা কথা কোৱা বাবে মাজনী এবনৰমেল হল বুলি আজিও ডাঙৰ জাজনীয়ে ৰিমাক গালি পাৰে পাঠকৰ
চৰকাৰী চাকৰিটো যোৱাৰ বাবেও ৰিমা কুলখনী হল।
আৰম্ভ হল পাঠক আৰু ৰিমাৰ নতুন মাটিত নতুন সংসাৰ ঘৰখন এৰি আহিলেও উভটি কান্দিব সময় নাপালে ৰিমাই পাঠকে পকী কোঠা এটা
বনাম ভাবি বাইকখনো বেচি দিলে ৰিমাৰ বহুত খং উঠিছিল, বাইকখনত কমখন সময় বান্ধি থোৱা আছেনে আমাৰ কত গানৰ , নাটকৰ
কাৰ্য লৈ সময় বচাই ঘুৰি ফুৰিছো , মনত আছেনে ? পাঠকে বুজাইছিল পকীঘৰ বন্ধা হলে কিনিম , দুখ নকৰিবা
দুখ নকৰা হল ৰিমাই , বহুত দুখ পাঠকৰ চাকৰি যোৱাৰ পৰা সন্তান নহোৱাৰ দুখ দুখবোৰ হৃদয়ৰ পৰা খামুচি চিঙি আনি দুৰলৈ দলিয়াই
দিব লাগে, গেলা নলাত দুখৰ জেগা নলা, লেতেৰা নলা গৰ্ভত অংকুৰিত হোৱা সন্তান কেইটা কোনটো নলাত পৰিছিল বা?
নতুনকৈ ঘৰ এখন পাতোতে প্ৰতিমাহৰ ধন ভাঙি ৰিমা আৰু পাঠকে খুব কষ্টৰে কিছু থানথিত লগালে শাকনিবাৰী এখন লগাই ৰিমাই কলে
কিছুমান চবজী কিনিব নালাগে আৰু এখন ফুলনিবাৰী কৰিলে , ৰিমাৰ প্ৰিয় ফুল পাৰিজাত , গোলাপ সকলো লগালে বাৰীখনত মাজে মাজে
ৰিমাই পুৰণি ঘৰত যায় সিহঁত আহে ভানুহতেও বেলেগকৈ ঘৰ বনাই বেলেগে গুচি গল
ৰিমাৰ ঘৰখনৰ থানথিত লগাৰ পিছত পৰিৱেশটো আগৰ দৰেই হৈ পৰিল পুনৰ ৰাভা সংগীত , জ্যোতি সংগীত , নাটকৰ সংলাপ , কবিতাৰ
সুৰৰে ৰিমাহতৰ ঘৰ খন পূৰ্ণ হৈ থাকিল
শ্ৰেণীকোঠাত ৰিমাই শিকাই আছিল (a+b+c) square is eqal , উত্তৰটো ছাত্ৰ ছাত্ৰীবোৰে দিলে ৰিমাই নোৱাৰা ছাত্ৰ ছাত্ৰীখিনিক বুজালে
গণিত খুব সহজ বিষয় মাথোঁ সূত্ৰ বোৰ মনত ৰখাটো টান সূত্ৰবোৰ মনত ৰাখি অংক বহাই যাবা , তেনেহ সহজকৈ মিলি যাব গণিত
বিদ্যালয়ৰ চকীদাৰটোৱে শ্ৰেণীকোঠাৰ বাহিৰত ৰৈ ৰিমাক জনালে ঘৰৰ পৰা ফোন আহিছে ৰিমা দৌৰিছিল , প্ৰধান আচাযৰ কোঠাত আৰু তাৰ
পিছত ভানুহতক আৰু নিজৰ দাদাকক প্ৰধানৰ আচাযৰ অফিচৰ পৰা ফোন কৰি জনালে কথাটো।
GNRC cabin এটাত পাঠক বিচনাত , ৰিমা কাষত ঘৰখনৰ সকলোৱে চেষ্টা কৰিছে পাঠকৰ ভাল হওঁক চিকিৎসকে জনোৱা মতে
পাঠকৰ চুগাৰ বাঢ়ি কিডনীত আৰু নাভত প্ৰভাৱ পেলাইছে সেয়ে তেও ঘৰলৈ আহি খোজ কাঢ়িব কষ্ট পাইছিল
ৰিমাই সুধিছিল চিকিৎসকক , ইয়াতে ভাল হবনে ? লাহে লাহে হব , ৰিমাই একো নামাতি পাঠকক GNRC ঘৰৰ মানুহৰ লগত থৈ ঘৰলৈ
দৌৰি আহিছিল গণিত ৰিমাৰ প্ৰিয় বিষয় , সৰুৰে পৰা দাদাকে জোকাইছিল তাইক। গণিত , বিজ্ঞান ছোৱালী মানুহৰ নহয় দে ভণী ৰিমাই
জোৰ কৰিয়ে গণিত পঢ়িছিল , টান টান অংকবোৰৰ উত্তৰ মিলিলে শান্তি পাইছিল তাই আজিও ৰিমাই অংক মিলাই আছে , মোৰ জমা আছে
ইমান , পাঠকৰ ইমান , মোৰ সকলো সোণ বেচি দি পাম সিমান যোগ ; উহ অংক নিমিলে হে হৰি মিলাই দিয়া অংক , পাঠক নহলে মই
কেনেকৈ ? ভাবিয়ে ৰিমাই চটফটালে , ৰাতিপুৱালৈ ৰিমাৰ অংক প্ৰায় ইমান , ইছ হৰি মিলি গল পাঠক বাচিব , ৰিমাই ভগৱানক সুৱৰিলে
ৰিমাহতৰ নতুন ঘৰটোত এক বিঘা মাটিৰ দেৰ কঠা মাটি ৰিমাই বেচি দিলে আৰু পৰিয়ালৰ সকলোকে জনালে, পাঠকক ৰিমাই তামিলনাডুৰ
এপ'লত নি চিকিৎসা কৰাব ভাল হব পাঠক , আৰু মাটি কিনিব , সোণ কিনিব , টকা জমাব ৰিমাৰ দাদাকে কলে তই অকলে নোৱাৰিবি
, ধনক লগত নে ৰিমাই পাৰিম বুলি কৈছিল আৰু এজন মানুহ নিব লাগিলে আৰু খৰছ , তাতোকৈ সেই কেইটা পইছাৰে পাঠকৰ চিকিৎসা
কৰাব ৰিমাই ভাৰতত চোন দাদা, সকলোৱে দেৱীক আৰধনা কৰে , দেৱী সকলোকে আচৰিত শক্তিৰ অধিকাৰীৰ ৰূপ কিয় দিয়ে জান দাদা ,
মানুহ বিশ্বাস কৰি আহিছে নাৰীৰ ৰূপত যিয়ে সৰগত বা ধৰণীত বাস কৰে সিহঁতে সাহসেৰে সকলো কৰিব পাৰে ।মই পাঠকক লৈ তামিলনাডুহে
যাব ওলাইছো , অসুৰ বধিব যাব ওলোৱা নাই নহয় দাদা।
ৰিমাৰ দাদাকৰ লৰা ধনক নিয়াৰ ব্যৱস্থা পৰিয়ালৰ মানুহে কৰি দিলে সদায় ৰিমাক বাজী বুলি গালি পৰা পাঠকৰ বৌয়েকে খেতিৰ ধান
বেচি ৰিমাৰ হাতত বিশ হাজাৰ টকা দি নিজৰ গিৰিয়েকৰ মুখলৈ চাই চকুৰ পানী মচিলে , " হবদিয়ক মই জানো আপনাক , নিজে পইচা খিনি
নিদি মোৰ হাতেৰে কিয় দিব দিছে ; তেতিয়াহে ৰিমাই মনটো ভাল কৰিব , সাহস পাব মোক বাইদেৱে মৰম কৰে বুলি " ৰিমাই বাইদেউকৰ
হাতখনত ধৰি অনুভৱ কৰিছিল সিদিনা কিমান আপোন আছিল সেই গালি যি গালি নিজৰ মানুহক পাৰিব পাৰে বুলি মোহৰ মৰা থাকে
সকলোৱে সহায় কৰিছিল দেওৰ , ভানু , দাদাক , বৌয়েক আৰু বিদ্যালয়ৰ কমিটি , চুবুৰীয়া সকলোৱে তামিলনাডুত যাব ওলোৱা ৰিমাৰ
হাতত টকা গুজি দিছিল কেইমুঠিমান কাগজৰ টুকুৰায় ৰিজাৰ্ভ বেংক দিয়া টকাৰ নাম লৈ এক নতুন নামেৰে চিনাকি হৈছিল "সহায় "
এপ'লত চিকিৎসকে কিছুদিন ৰাখি ঔষধ দি ঘৰলৈ ঘুৰাই পঠোৱা পাঠকে এখন আৰমী চকীত বহি আছে আৰু ৰিমাই টিউচন কৰি আছে হঠাৎ
পাঠকে চিঞৰি উঠিল ভাত দে ৰিমা অলপ আচৰিত হল , এইমাত্ৰ ভাত খাইছে পাঠকে কিছুমান সংগতি নোহোৱা কথা কোৱাত ৰিমাৰ
বুজিবলৈ বাকী নাথাকিল ।এপ'লৰ পৰা অনাৰ পিছত তিনিবছৰ বিচনাত পৰি থকাত ৰিমাৰ ভয় হোৱা নাছিল পাঠকৰ আগত ৰিমাই দিনটো
কি কৰিলে কৈছিল পাঠকে গান গাইছিল , কবিতা আওৰাইছিল বিদ্যালয়ৰ কমিটিয়ে ৰিমাৰ শ্ৰেণী কেইটা একেৰাহে দি চাৰি ঘণ্টাতে ডিউটি
শেষ কৰি ৰিমাক ঘৰত পঠায় দিছিল বেচৰকাৰী বিদ্যালয় হলেও ৰিমাৰ সেই কেইটা পইচাৰে পাঠকৰ ঔষধ , ঘৰৰ খৰছ যুৰিছিল টিউচন
কেইটা কৰিব পাই ৰিমাৰ জীৱনলৈ আৰ্থিক অনাটন অহা নাছিল ।পাঠকৰ বেমাৰৰ পৰা ৰিমাৰ দাদাকৰ ভতিজা ছোৱালী , মুনমীয়ে ৰিমাৰ
লগত থাকি পঢ়া শুনা কৰিছিল পাঠক তিনিবছৰ বিচনাত পৰি থাকিলেও ৰিমাই যাৱতীয় কামখিনি কৰিব পাৰিছিল পাঠকে প্ৰায়ে উলিয়াইছিল
মই মৰি গলে ,ৰিমাই ধমক দিছিল পৰিয়ালৰ মানুহৰ আগত কৈ পাঠকক গালি খুৱাইছিল পাঠকৰ সদায় চিন্তা হৈছিল তেওঁ নোহোৱাত
ৰিমাজনীৰ কি হব সেই GNRC সোমোৱাৰ পৰা , এপ' ঘুৰি আহি এই তিনিবছৰে ৰিমাই পাঠকৰ লগত সময় কটাইছিল মাথো পাঠকক চোৱা
চিতা কৰাত পাঠক ৰাতি বিচনাত পৰিলে ৰিমাই দীঘল গাৰু এটা লৈ বেৰত আওজি পাঠকৰ কাষত বহি বহি শুৱে কিজানি ৰাতি পাঠকৰ
পানী পিয়াহ লাগে , কিজানি ৰঙা চাহ একাপ খাবৰ মন যায় ৰিমাই শুই দিলে যদি সাৰ নাপায় পাঠকে তিনিবছৰে জানি গৈছিল ৰিমাৰ
ধৈয্য। সেয়ে বিচনাত পৰি থাকোতে এদিন মণ্ডল আৰু উকিল মাতি পাঠকৰ ঘৰ মাটি ৰিমাৰ নামত কৰি দিছিল ৰিমাৰ ছাত্ৰী এজনীৰ
দেউতাক নিজে মণ্ডল হোৱাই পাঠকক বহুত কাম কৰি দিছিল ৰিমাই খংঙতে ভানু , বৌৱেক , দাদাকহত সকলোকে কৈছিল কথাটো যাতে
পাঠকে মৰিম বুলি অহিৎ চিন্তা নকৰে ৰিমাৰ এটায়ে আশা আছিল বিচনাত পৰি হলেও পাঠক জীয়াই থাকক ৰিমা জীয়াই থকালৈ ৰিমাই
পাঠকক এৰি এই ঘৰত অকলে থকাৰ কথা সপোনত ভাবিব পৰা নাছিল
বুজিবলৈ বাকী নাথাকিল ৰিমাৰ পাঠকৰ কিছুমান নাৰ্ভএ কাম নকৰা হল। প্ৰায় সংগতি নোহোৱা কথা কিছুমান কৈ থকা কৰিলে সদায়
চিকিৎসক আহি চায় যায় পাঠকক তাৰো খৰছ উলিয়াবলৈ ৰিমাই আৰু বেছি টিউছন কৰিব লগা হল এনেকুৱা নাছিল যে মাকৰ ঘৰ আৰু
শহুৰৰ ঘৰৰ মানুহে সহায় কৰা নাছিল , কিন্তু বিচনাত পৰি থকা মানুহ এজনক সম্পূৰ্ণ চিকিৎসা কৰি জীয়াই ৰাখিবলৈ কৰা চেষ্টাত ৰিমাই আৰু
দুটামান টিউচন বেছিকৈ কৰিব লগীয়া হৈছিল।
পাঠকৰ বেমাৰৰ খবৰ লবলৈ আহি ধনে সুধিলে , " পেহী , তোৰ মাকণি মাহীক মনত আছে ন। মাহীৰ অসুখ হৈ ঢুকাল " কিনো বুলি
ধনৰ কথা বিশ্বাস নকৰি মাকণিৰ ফোন নম্বৰ বিচাৰি ৰিমাই দাদাকক ফোন কৰি সুধিলে মাকণিৰ নম্বৰ আছেনে? দাদকে কলে মাকণিৰ দাদকৰ
লগত এবাৰ অফিচত দেখা পাওতে দুয়ো দুয়োৰে ফোন নম্বৰ লৈছিল আৰু যোৱাকালি দুপৰীয়া মাকণিৰ দাদকে ফোন কৰি জনাইছে মাকণি জণ্ডিচ
বেমাৰত ঢুকাল মাকণিৰ লৰা দুটা ভালখিনি ডাঙৰ য়ে হল। ৰিমাই ভাবিলে হয়তো, পাঠকৰ লগত ৰিমাৰ চৈধ্য বছৰ হৈ গল ৰিমা আৰু
মাকণি ইউনিভাৰচিটিৰ হোষ্টেলত এটা ৰুম তে আছিল
মাকণিৰ বিয়াৰ সময়তে ৰিমাই সুদূৰ তিনিচুকীয়ালৈ গৈছিল তাৰ আগতে ৰিমাই উজনি অসম গৈ পোৱা নাছিল মাকণিৰ দুজন দাদাকৰ
ডাঙৰজনে ৰিমাক মাকণিৰ দৰে মৰম কৰিছিল ইউনিভাৰচিটিৰ হোষ্টেলত থাকোতেও ডাঙৰ দাদাকে মাকণিক লগ কৰিব গলে ৰিমাক লগ
কৰিছিল ভনী বুলি ঘৰৰ পৰা নিয়া পিঠা পণা দুয়োকে সমানে দিছিল হোষ্টেলত লাগিব পাৰে বুলি টকা দুটামানও দুয়োৰে হাতত গুজি দিছিল
ৰিমাৰ দাদাকেও মাকণিক তেনেকুৱা মৰম কৰিছিল
মাকণিৰ মুখত তাইৰ সৰু দাদাকৰ কথা শুনিহে আছিল কিন্তু এদিন দেখা পোৱা নাছিল মাকণিৰ বিয়াৰ সময়তে তাই সৰু দাদাকক দেখায়
কৈছিল , চা সৰু দাদা মোৰ বান্ধৱী গোৱালপাৰাৰ পৰা আহিছে মোক কিমান ভাল পায় , দেখিলি সৰু দাদাকে হাঁহি চিনাকি হৈ বিয়াৰ
ব্যস্ততাৰ মাজত বিলীন হৈ গৈছিল
সেই মাকণিৰে মৃত্যু হল ৰিমাই নিজক দোষ দি কান্দিলে হায় , নিজৰ জীৱনত ইমানেই ব্যস্ত হলো যে তোক চিঠি এখনো লিখিব সময় নাপালো
মাকণিৰ ডাঙৰ দাদাকক ফোন কৰি ৰিমাই সৰু শিশুৰ দৰেই কান্দিলে , দাদা আমাৰ এওৰ বেমাৰ বহুত বছৰৰ পিছত হেৰাই গলেও
আপোন মানুহ বোৰ নিজৰ হয় ঠিক মা- পিতা , দাদা - ভনী নাইবা কোনোবা আপোনজনৰ দৰেই মৃত্যুৰ পিছত সিহঁতে বুজাব পাৰে আমাৰ
জীৱনৰ সোতত তুমি গৈ থাকিবা। আমি কৰা জীৱন সংগ্ৰামবোৰ তুমি কৰিবা সেয়ে তুমি আমাৰ আপোন একান্ত নিজৰ
পাঠকৰ দেহা বেছি বেয়ালৈ গল ৰিমাৰ ভতিজা ছোৱালী মুনমী , ভানুকে ধৰি ঘৰৰ সকলোৱে ৰিমাৰ শৰীৰৰ চিন্তা কৰিলে ৰিমা যদি
বেমাৰত পৰে ,ইমান কষ্ট তাইৰ কিন্তু আচৰিত ধৰণে ৰিমাক সেই তিনিবছৰ ছয়মাহত বিচনাত পৰি থাকিবলগীয়াকে একো বেমাৰ ভগৱানে
নিদিলে এজনী কাম কৰা মানুহ নৰখাকে ৰিমাই পাঠকক খুব পৰি পাতি আৰু চাফ চিকুণকৈ ৰাখিলে পাঠক আগতে বহুত কৈছিল ৰিমাক
কাম কৰা তিৰোতা এজনী ৰখাৰ কথা , পাঠকে বুজিছিল পাঠকৰ বেমাৰত খবৰ লব অহা দূৰৰ মানুহবোৰক ৰিমাই চাহ জলপান বনাই দিব
লগীয়া হৈছিল বহুত কষ্ট হৈছিল ৰিমাৰ
কিন্তু ৰিমাই নুবুজে কিয় ৰাখিব কাম কৰা মানুহ , ঘৰখনত , চুবুৰীয়াত ইমান মানুহ আছে ৰিমাক সহায় কৰিবলৈ আচলতে ৰিমাইহে
জানিছিল আৰু এটা খৰছ বঢ়ায় ৰিমাই কোনটো টিউচন নতুন কৈ লব এতিয়া ?
লাহে লাহে পাঠকৰ পেছাৱ পায়খানাৰ খবৰ নোহোৱা হল আহাৰ শাওন মাহৰ নেৰানেপেৰা বৰষুণত ৰিমাই পাঠকৰ কাপোৰবোৰ ধুই ফেনৰ তলত
শুকাব মেলি দিছিল ৰিমাইও বুজিছিল পাঠক আৰু বেচি দিন নাথাকিব ৰিমাই মুৰ গা ধুই পুৱা গধুলি ভাগৱত পাঠ কৰে , কেতিয়াবা নিজে ,
কেতিয়াবা ভকত মাতি। বিদ্যালয়ৰ শ্ৰেণীত থকা সময়ত ৰিমাই ভগৱানক সুৱৰে , এইখিনি সময়ত যেন পাঠকৰ একো নহয় বিদায় বেলাত ৰিমা
পাঠকৰ ওচৰত থাকিব বিচাৰে সিমানখিনি ওচৰত যিমানখিনিত ৰিমাই শান্তি পায় পাঠকে প্ৰলাপ বকিলেও ৰিমাক সুধে ভাত খাইছে নে তাই।
মাকণিৰ ডাঙৰ দাদাকে ফোন কৰি ৰিমাৰ খবৰ লৈ থাকে এদিন এটা অচিনাকী নম্বৰৰ পৰা ফোন আহিল , প্ৰথমে ৰিমাই ভুল নম্বৰ বুলি থব
খুজিছিল পিছত গম পালে সেয়া মাকণিৰ সৰু দাদা ক। পাঠকৰ খবৰ জানিব খোজাত ৰিমাই ফোনটো পাঠকক দিলে পাঠকে প্ৰথমে থিকে
সেহায় হলেও উত্তৰ দিলে পিছত প্ৰলাপ বকিব ধৰিলে ৰিমাই ফোনটো নিজৰ হাতলৈ আনি তেখেতৰ খবৰ বাতৰি ললে।
সিদিনা সন্ধিয়াৰ পৰা ৰিমা বহুত ব্যস্ত , ছয়মাহিলী পৰীক্ষাৰ বহী চাই আছিল পাঠকে খাব লব প্ৰায় বাদ দিয়াৰ দৰেই হৈছিল মুনমীৰ লগত
কাম বন শেষ কৰি ৰিমাই গা ধুই ভাগৱত খন মেলি লৈছিল মনটো ৰিমাৰ কিবা অশান্তি লাগি আছিল ভানুয়ে বাৰে বাৰে ফোন কৰি আছিল
তাই চাগে বুজি পাইছিল ৰিমাৰ অকলশৰীয়া দিনৰ বেছি দিন নাই।
মাজৰাতি পাঠকক ৰিমাই সুধিলে , " পানী খাব , দিও অলপ " পাঠকে " " বুলি সৰুকে উচ্চাৰণ কৰাত ৰিমাই এচামুচ পানী পাঠকৰ মুখত
দিলে প্ৰথম পানী চামুচ খোৱাৰ পিছত আৰু এচামুচ পানী মুখত দিলে পাঠকৰ এই চামুচ পানী মুখৰ বাহিৰেৰে ওলাই পৰি গল ৰিমাই
পাঠকক গাত জোকাৰি মাতিলে মানুহজনৰ ঠাণ্ডা গাটো চুই উচপ খাই ৰিমাই চিঞৰি মুনমীক মাতিলে , পেহাৰেৰ কিবা হল অ। তাৰ পিছত
ৰিমাই পাঠকৰ ভৰি হাতৰ তলুৱা বোৰ মালিছ কৰি থাকিল , কিজানি পাঠকে " " বুলি কয়ে মুনমীয়ে কান্দিব ধৰিলে পেহা , পেহা বুলি
তাই চিঞৰ শুনিয়ে দৌৰিছিল যদিও তাৰ আগতে যে পেহাকৰ মৃত্যু হৈছিল , তাই বুজি পাইছিল
ৰিমাৰ চকুৰ আগতে পাঠক এজন তেজাল , উদ্যমী যুৱকৰ পৰা এটা ডেডবডি হৈ গৈছিল
ঘৰৰ মানুহ বোৰ আৰু সমাজ খনে কেনেকৈ যে পাঠকৰ সকলো কাম নিয়াৰিকে শেষ কৰিছিল ৰিমাই তলকিবয়ে নোৱাৰিলে পাঠক অবিহনে এক
মূহুত একো চিন্তা নকৰা ৰিমাই এতিয়া কেনেকে কত থাকিব সকলোৱে আলোচনা কৰিব ধৰিলে দাদাক , বৌয়েক , ধনহতে সিহঁতৰ ঘৰত
নিব খোজে ভানুৱে আৰু দেওৰেকে সিহতৰ ঘৰত পাঠক ঢুকোৱাৰ এসপ্তাহ মান পিছত এদিন মাকণিৰ ডাঙৰ দাদাক আহিছিল ৰিমাই ডাঙৰ
দাদাকৰ বুকুত মুৰ গুজি চিঞৰি চিঞৰি কান্দিছিল," মই এতিয়া কাক লৈ জীয়াই থাকিম দাদা "
মাহিলী যোৱাৰ পিছত ৰিমাই ঘৰটোত সোমালে পাঠকলৈ মনত পৰা হল ইফালে বৌয়েকৰ গা অলপ বেয়া হোৱাই ধনে আহি মুনমীক লৈ গল
ধনে বহুত হাল্লা কৰিলে , " পেহী , তইও বল আমাৰ তাত ৰিমা কোনোপধে নগল ভানু আহিল , নিব সকলোকে ৰিমাই বুজাই কলে ,
"এই ঘৰটোৰ সকলোবোৰ সম্পদ পাঠক আৰু মই নিজ হাতে কৰা এইজোপা গোলাপ তেওঁ আনি দিছিল , মই ৰুইছিলো সেইখন বেৰ বনাওতে
তেওঁ মাহৰ পইচা কেইটাৰে বালি আনিছিল আৰু মই চিমেট তহঁত সকলো যা , এইবোৰ সোৱৰণিৰ মাজতে মই বাচি থাকিম "
আইটু অংক কৰিছানে ? টান পোৱা বিষয়টো বেছিকৈ চচা কৰিবহে লাগে আইটুৱে ৰিমাৰ কথাত কোনো উত্তৰ নি পঢ়া টেবুলত পঢ়ি থাকিল
কি পঢ়িছে চাবলৈ ৰিমাই আইটুৰ কাষত বেলেগ এখন চকী টানি আনি বহিলে "অংক কৰাচোন আইটু, মই কাষতে আছোঁ ভুল হলে শিকাই দিম
, সূত্ৰবোৰ লিখিলা ? " আইটুৱে নিলিখা বুলি মুৰ জোকাৰিলে ৰিমাই বুজালে সদায় লিখিব কওনে , কিয় টান পাবা বেলেগ কোনোবা চাৰ ,
বাইদেউ দেখায় দিব নেকি , টিউচন দিম নেকি ? সিহঁতৰ কথা শুনি পৰেশ বৰুৱায় কোঠাটোত সোমাই আহি আইটুক কলে , " মা ৰে যে
ইমান দিন ভাল কথা এটা কৈ আছে শুনিছ ? " ৰিমাই আইটুৰ ব্যৱহাৰত বৰুৱাৰ খং উঠিব বুলি ভাৱি কলে , " হবদিয়ক কৰিব , অভ্যাস
হোৱা নাই যে অংক কৰাৰ সেয়ে ইনটাৰেষ্ট পোৱা নাই " বৰুৱা কোঠাৰ পৰা ওলাই যোৱাৰ পিছত ৰিমাই আইটুক গণিতৰ সূত্ৰবোৰ কাগত
এখনত লিখি পঢ়া টেবুলৰ সন্মুখত বেৰত আঠা লগাই থব কলে আগতেও কৈছিল , এদিন নুশুনিলে
আজি বৰুৱাই আইটু আৰু মাইনু বিদ্যালয়ৰ পৰা আনি পৰীক্ষাৰ ফলাফলৰ ৰিপোট কাৰডখন ৰিমাৰ হাতত দি কলে আইটুৱে বেয়া নম্বৰ পাইছে
অংকত
ৰিমাই মাইনুৰ চুলিখিনি আচুৰি দি আইটুক পুনৰ সুধিলে, "সূত্ৰকেইটা লিখিছা নে তুমি ?"
আইটুৱে সৰুকে কলে , "সময় পোৱা নাই"
"আইটু ,কিয় সময় নাপাবা তুমি এমাহ হল ,মইতো একো বেয়া কথা কোৱা নাই " ৰিমাৰ কথাতে বৰুৱাই মাত লগালে "মা ৰেক চৰি "
ৰিমাই ভৱা নাছিল বৰুৱা সিহঁতৰ কথা শুনি আছে বুলি , বেয়া লাগিল ৰিমাৰ
হঠাৎ ৰিমাৰ চকুৰ পৰা চকুৰ পানী ওলাই আহিল , পাঠকে সদায় কৈছিল আমি এজনী ছোৱালী পালন কৰিম দিয়া লৰা পালন কৰিলে যদি
আমাক নুবুজে ডাঙৰ হলে যদি আমাৰ শাসনৰ বাহিৰত যায় , তাতোকৈ ছোৱালী এজনী আনিম। ৰিমাই হয়ভৰ দিছিল , পিছে সিহঁতৰ
নিজৰ ঘৰখন নতুনকৈ কৰিব লগা হোৱাত বা পিছত পাঠকৰ বেমাৰৰ বাবেই সিহঁতৰ সংসাৰত সেই কথাষাৰ মুখ্য কথা হৈ নাথাকিলে বাস্তৱৰ
মুখ্য কথাটো সপোনৰ দৰেই হৈ গল , এজনী ছোৱালী পালনৰ সপোন
আইটু ৱে ৰিমাৰ ওচৰত আহি , "চৰি মা " বুলি কৈ গুচি গল মাইনুৰ কাষত।
ৰাতিপুৱাৰ পৰা ৰিমাই আজি ঘৰৰ কাপোৰৰ আলমাৰী টো থিক কৰি আছিল আইটু , মাইনুৰ কাপোৰবোৰ জাপি আলমাৰীত থওতে ৰিমাৰ
চকুত পৰিল এখন টেবুলত পৰা হাতেৰে খুব সুন্দৰ কৈ বনোৱা কাপোৰ কূৰচাৰ কাম কৰা সুন্দৰ কাপোৰ খন ৰিমাই মেলি চালে বহুত ধুনীয়া
মইও শিকিম মাইনুৱে ৰিমাৰ ওচৰত আহি কলে , " মোকো বনাই দিবাদে মা "
আইটুৱে কাপোৰ খন ৰিমাৰ পৰা হাতৰ পৰা টানি নি কলে ,"এইখন আমাৰ মা বনোৱা,দিয়ক "
আইটুৰ ওচৰত মাইনুৱে দৌৰি গৈ কলে , " দেউতাই দেখোন কৈছে আমাৰ নতুন মা য়ে মা বোলে। আমাৰ আৰু বেলেগ মা আছে নেকি ? "
মাইনুৱে শ্ৰেণীকোঠাত বহি ৰেহেনা মিচ দেখে নেকি চাই আছিল মাইনুৰ ভাল বান্ধৱী ৰেহেনা মিচ বুলি মাইনু ৱে ভাবে ইংৰাজীৰ সকলো
ঘৰত গৈ নপঢ়িলেও মিচ পৰা এবাৰ শিকিলে মাইনুৰ মনত ৰৈ যায় মাইনুহতৰ শ্ৰেণী শেষ হোৱাৰ পিছত মাইনুৱে বিদ্যালয়ৰ বাৰাণ্ডাত ৰৈ
থাকিল ৰেহেনাই মাইনুক দেখি আগুৱাই আহিল " মিচ , মিচ ডাঙৰ মিছা কথা কয় নেকি ? "
ৰেহেনাই অলপ হাউলি কাণখন মাইনুৰ মুখৰ কাষত আগুৱাই নি কলে , " কোৱা , মোক কোৱা " তাই যিমান পাৰে সিমান সৰুকৈ কলে , "
দেউতাক সুধিছিলো সৰুতে , আমাৰ মা নাই নেকি ? সকলোৰে মা আছে " দেউতাই কৈছিল আমাৰ মা আকাশত আছে মাৰ বছৰেকীয়া শ্ৰাদ্ধ
পাতিছিল আমি সেৱা কৰিছিলো , প্ৰসাদ খাইছিলো সিদিনা বা একো নকইছিল দেউতাই এদিন কলে বলা তোমালোকৰ নতুন মাক চাই
আহিবা নতুন মাই আমাক বহুত মৰম কৰে বা নতুন মা অহাৰ পিছৰে পৰা খং কৰে আৰু যোৱা কালি মোক কলে আমাৰ বোলে নিজৰ
মা মৰি আকাশত থকা নাই , এই পৃথিৱীত আছে কোনোবা আংকল এজনে মাক লৈ গৈছে
ইমান সৰু ছোৱালী এজনীৰ মুখত এনেকুৱা কথা শুনি ৰেহেনাৰ খুব বেয়া লাগিল মাইনু ৱে ৰেহেনাৰ পিনে চাই কলে , "কোনে মিছা কলে মিচ
? "
ৰেহেনাই মৰমেৰে মাইনু গালত চুই কলে মিছা কোনে কোৱা নাই এইবিলাক কথা সৰু লৰা ছোৱালীয়ে ভাবিলে আল্লাই বেয়া পাব আল্লাই
বেয়া পোৱা কাম কৰিবা জানো ? মাইনুৱে নকৰো বুলি মুৰ দুপিয়ালে। ৰেহেনাই কমন ৰুমত সোমাব লওতে চকিদাৰ জনক কৈ গল , "দশম
শ্ৰেণীৰ আইটু বৰুৱা মোৰ ওচৰত পঠাই দিব "
আইটু আহি ৰেহেনাৰ ওচৰত থিয় হল ৰেহেনাই বহিব দিলে বিদ্যালয় প্ৰায় ছুটি হবৰ সময় হৈছিল বাবে কমন ৰুমত শিক্ষক শিক্ষয়ত্ৰী কমি
গৈছিল ৰেহেনাই আইটুৰ পঢ়া শুনাৰ খবৰ ললে , তাইও কলে কি কি পঢ়িছে ৰেহেনাই আইটুক সুধিলে ঘৰত সকলোৰে ভালনে? দেউতাৰ ভাল
, কথাষাৰ তাতে শেষ হব বুলি ভাবি আইটু থিয় দিছিল ৰেহেনাই আইটুৰ পিনে চাই সুধিলে তোমাৰ কাপোৰবোৰ কিছু দিনৰ পৰা খুব পৰিস্কাৰ
হৈছে ,কোনে ধুৱে , তুমি তো টাইম নোপোৱা চাগে ধুবলৈ আইটুৱে থোকা থুকি মাতেৰে কলে ,"মা আমাক এৰি গুচি যোৱাৰ পিছত , দেউতাই
হোষ্টেলত থৈছিল যে তেতিয়াই আয়াই শিকাই দিছিল ধুৱলৈ , বেয়াকৈ ধুইছিলো , লেতেৰা কৈ হোষ্টেলৰ পৰা অহাৰ ছমাহৰ পিছত নতুন মা
আহিল , মা জোৰ কৰি ধুৱে মই মানা কৰো মিচ , মা নুশুনে কয় পঢ়া শুনা কৰা এতিয়া, ডাঙৰ হলে ধুৱা।"
ৰেহেনাই আইটুলৈ চাই কৈছিল , "কিছুমান কথা নিজৰ মনত বহাই লৈ নিজকে কষ্ট দিয়া হয় তোমালোকৰ মা তোমালোকৰ বাবে যশোদা
নিজৰ মায়ে মাইনুক জন্ম দি গুচি গল , তাইক কিয় এইবোৰ কথা কোৱা তুমি ?তোমালোকক জানো বিচাৰি আহিছে কোনোবা দিনা নিজৰ মায়ে
মোক তুমি য়ে কৈছা , নতুন মা পুৰণি মা মইতো একোৱেই নাজানোঁ এই বিষয়ে কিয় নুবুজা মা সদায় মা য়ে ,নতুন পুৰণি নাথাকে "
আইটুৱে কৈছিল," মা গুচি যোৱাত দেউতাৰ দোষ আছিল ।দেউতাই কিয় মাক খং কৰিছিল ?"
ৰেহেনাই আইটুক ঘৰলৈ যাব কলে ।এদিনতে কোনেও নুবুজে ভাবিলে ৰেহেনাই
ইংৰাজীৰ শ্ৰেণীত মাইনুৱে মুৰৰ চুলি খুজাই আছে। ৰেহেনাই " এটেনচন প্লিচ", বুলি মাইনুক থিয় কৰাই সুধিলে "কি হৈছে ?" মাইনু তলমূৰ হল
শ্ৰেণী শেষ হোৱাৰ পিছত মাইনুৱে ৰেহেনাৰ ওচৰ চাপি কলে, " ওকণি মিচ , কাকো নকব ।সকলোৱে মোক ডাৰটি গাল কব। " তাইৰ কথা
শুনি ৰেহেনাই হাহিলে " মা নাই যে ঘৰত সেয়ে ওকণি হল মা থকাহলে ওকণি মৰা চেমপু দি সকলো ওকণি চুচি চুচি মাৰিলে হয় "কত
গল পিছে মা? " ৰেহেনাই সুধিলে
" নিজৰ ঘৰত " মাইনুৱে কথাখিনি কৈ পিছৰ শ্ৰেণীৰ শিক্ষকক দেখি দৌৰ দিলে শ্ৰেণীকোঠালৈ।
ৰেহেনাই মাইনুৰ মুখৰ পৰা মাইনুহতৰ ঘৰখনৰ বিষয়ে সকলো কথা জানি গৈছিল কিন্তু মাইনুৱে নজনাৰ দৰে ৰেহেনাই জনা নাছিল ,
মাইনুহতৰ মাক কাৰোবাৰ বিধৱা পত্নী বুলি। ৰেহেনাই ভাৱিছিল হয়তো সময়ত বিয়াৰ কথা নাভাৱিলে তেখেতে , যাহওক এতিয়া ভাবি ভালে
কৰিলে অন্ততঃ এতিয়া আইটু আৰু মাইনুৰ মা বুলিবলৈ তো কোনোবা আছে। আগতে ৰেহেনাই সদায় সিহত দুটাক দেখা পালে বুকুত বিষ এটা
অনুভৱ কৰিছিল ইমান ধুনীয়া ছোৱালী দুজনীৰ লগত আল্লাৰ ইমান অবিচাৰ কিয় মাইনুৰ জন্মৰ সময়তে আল্লাই তাইৰ মাকক লৈ যাব লাগে?
মাইনুক সেয়ে ৰিমাই খুব মৰম কৰিছিল মাইনুৰ মুখত দেউতাকে মা অনা শুনি ৰেহেনাৰ মনটো এক অজান আকাংশাত কপি গৈছিল হে
আল্লা মা হৈ আহিছে , মায়ে হৈ থাকক সদায় ; তেজীমলা মা নহওক
দেউতাকে মা অনা শুনি একমাহ মান ৰেহেনাই মাইনুৰ ঢুটুৰি টো হাতেৰে উঠাই মুখখন লক্ষ্য কৰিছিল মাইনু থিকে আছেতো, কিজানি মা
তেজীমলাৰে মাক হৈ যায় মাইনুৱে কি চাইছে মিচ সুধিলে ৰেহেনাই হাঁহি হাঁহিয়েই কৈছিল , "মৰম কৰা ষ্টাইলটো অলপ সলনি কৰিছো। গাল চুই
মৰম কৰিলে ঢুটুৰিটোৱে কান্দে যে তোমাৰ "
এতিয়া ভাবিলে হাঁহি উঠে ৰেহেনাৰ আইটুৱেতো কথায়ে নকয় সেয়ে ৰেহেনাই মাইনু এনেয়ে কিবাকিবি সুধিছিল আৰু শেষত মা কে মৰম
কৰিছেনে ভালদৰে জানি লৈছিল ৰেহেনাৰ চিন্তাৰ ওৰ পেলাই মাইনুয়ে কৈছিল আইটু আৰু মাইনুক কিমান মৰম কৰে মা কে। মাইনুৱে হাঁহি
মাৰি কৈছিল , "মই কৈছোঁ মিচ আপুনি যে মোক সকলোতকৈ বেছি মৰম কৰে আমাৰ মা য়ে আপোনাক আমাৰ ঘৰত ফুৰিব যাব কৈছে
"
মাইনুৰ কথা ৰেহেনাৰ হাঁহি উঠিল বহুত মৰম কৰা বুলি কৈ কৈ সচা অৰ্থ তে মাইনুৱে ৰেহেনাৰ বুকুৰ কলিজা টো হৈ পৰিল থিক
নিজামুলৰ দৰে , "অই ৰেহেনা , জানো দে মই , তই মোক খুব ভাল পাওঁ ।সেয়ে সদায় পিয়াহ নালাগিলেও মোৰ কাষত বহি চাহ খাৱ। মোৰ
ওচৰ চাপি চাপি মোক প্ৰেমিক বনাই দিলি।"
নিজামুল , ৰেহেনাৰ প্ৰেমিক ; যাৰ ওচৰত ৰেহেনাই আশা কৰিব পাৰে চিৰ জীৱনৰ মৰম
কোনে কৈছে প্ৰেম মূল্যহীন বুলি ? ৰেহেনাৰ বেয়া দিনত পৰীক্ষাৰ মাচুল পয্যন্ত নিজামুলে দিছিল ৰেহেনাই মহাবিদ্যালয়ত পঢ়া দিনত সৰু সৰু
লৰা ছোৱালীক টিউচন কৰি পৰিয়ালটোক চলাইছিল তিনিজনী ভনীয়েক আৰু ভায়েকক পঢ়াব শুনাব লগাটো দিন হাজিৰা কৰা মাকৰ বাবে সম্ভৱ
নাছিল সৰু লৰা ছোৱালীক টিউচন কৰি আহি ভাগৰে জুগৰে মহাবিদ্যালয়ৰ শ্ৰেণীত বহা ৰেহেনাৰ যে খুব পিয়াহ বা ভোক লাগিছিল তাকেই
বুজিছিল নিজামুলে। " অই ৰেহেনা , বল চাহ খাবি " ৰেহেনাই নিজৰ বেগটো খুচৰি চাহৰ পইচা আছেনে চায় নিজামুলে বুজে ভায়েক
ভনীয়েকহতক পইচা দি তাইৰ বেগ খালী " নাখাওঁ দে নিজামুল, ভোক পিয়াহ একো লগা নাই , ঘৰত যাওঁ " নিজামুলে হাহে ," আজি এজনী
ছোৱালী পটালো , সেয়ে তোক চাহ খুৱাম পাচ টকাৰ , তামোল খুৱাম দুটকাৰ।"এনেকে দুটকা, পাচটকাৰ হিচাপ দেখায় ধেমালি কৰি কৰিয়ে
নিজামুলে ৰেহেনাৰ ওচৰ চাপিছিল। " বহুত নাই মোৰ, যিখিনি আছে আমি দুয়ো ভগাই লম। ঘৰত বুজাম তাইৰ ঘৰখন দুখীয়া হল কি হল ,
তাই পঢ়াত বহুত ধনী ইংৰাজী সলসলিয়াকে কব পাৰে " ৰেহেনাই বাধা দিয়ে ," সদায় সদায় তই চাহৰ পইচা দিব নালাগে " নিজামুলে
হাঁহি হাঁহি য়ে কয় , "তইও নিজৰ আপুৰুগীয়া সময় দিয় মোক আচলতে তই নুবুজ ৰেহেনা পাচ টকা, দুই টকাত মই তোৰ সময়খিনিহে কিনো
একেলগে চাহ খাই সেই ,কিনি লোৱা সময়খিনি য়ে কটাও আমি দুয়ো "
ৰেহেনাই সশব্দে হাহে , "মোৰ অন্তৰ খন কিনি ললি তই নিজামুল প্ৰেম মূল্যহীন নহয় মূল্যলে কিনা বেচা হয় প্ৰেম "
ৰিমাই ৰাস্তাটোলৈ চাই আছিল ।অলপ অলপ বোকা হোৱা আঠলুৱা কেচা ৰাস্তাটোৰে পিছলি পিছলি গাখীৰৰ বেপাৰীটোক চাইকেল খন থেলি থেলি
অহা দেখি ৰিমাই গাখীৰ লোৱা পাত্ৰটো পাকঘৰৰ পৰা আনিব গৈছিল আজি মাকণিৰ মৃত্যু তিথি , ৰিমাই সেয়ে নামঘৰত এখন শৰাই আৰু
মানুহখিনিক চাহ পায়স খুৱাব " অলপ বেছিকৈ গাখীৰ দিব কৈছিলোঁ যে আজি " গাখীৰৰ বেপাৰীয়ে হাঁহিটো মাৰি কলে ," আনিছো বাইদেউ ,
আনিছো " " য়ে গোটেই সোপা পনীয়াচোন পানী সৰহভাগ দিলি কিজানি "
গাখীৰৰ বেপাৰীটোয়ে দাত কেইটা উলিয়াই হাহিটো মাৰি কলে, " পানী দিলেও পিয়ৰ পানী দিও বাইদেউ , পিউৰিট ফিল্টাৰ পানী।" ৰিমাই খং
য়ে কৰিব নে হাহিবয়ে ভাবি নাপায় ঘৰৰ ভিতৰৰলৈ সোমাই গল। এই পনীয়া গাখীৰ খিনিৰে চাহ হবনে পায়সে হব ভাবিলে ৰিমাই
মাকণিৰ লগত থকা যোগসূত্ৰৰ বাবেই আজি ৰিমাক "মা" বুলি মাতিছে মাইনু আৰু আইটুৱে। মনত পৰে ৰিমাৰ , পাঠকৰ মৃত্যুৰ মাহিলী
যোৱাৰ পিছত ৰিমাই এদিন পাঠকে কি কি থৈছিল বুলি আৰমাৰিটো থিক কৰি আছিল পাঠকে ধুনীয়া কবিতা লিখিছিল কবিতাকেইটা পঢ়ি
ৰিমাৰ ইমানেই ভাল লাগিছিল যে লগে লগে ফোনটো হাতত লৈ এজন চিনাকি কিতাপ প্ৰকাশকলৈ ফোন কৰিছিল কিমান খৰছ পৰিব কবিতা পুঠি
উলিয়ালে তাকো ৰিমাই হিচাপ সুধিছিল হিচাপ মিলি যোৱাত ৰিমাই প্ৰকাশক পাঠকৰ কবিতা কেইটা নি এখন কবিতাপুঠি উলিয়াব কৈছিল।
সেই কথাখিনি পাতি ফোনটো থোৱাৰ লগে লগে ফোনটো বাজিছিল ফোনটো ৰিচিভ কৰি ৰিমাই সুধিছিল কোন বুলি ফোনৰ সিপিনৰ পৰা মাত
লগাইছিল , "চিনি পোৱা নাই ? মই মাকণিৰ সৰু দাদা।" ৰিমাই অলপ লাজো পালে , পাঠক বেমাৰত পৰি থাকোতেই সৰু দাদাই ফোন কৰোতেই
কিয় ফোন নম্বৰটো সংৰক্ষণ কৰি নথলে বাহ। সৰু দাদাকে ৰিমাক কলে , "মেচেজ এটা পাইছানেকি? এশ বিশ টকা ৰিচাজ ভৰাই দিছিলো
নম্বৰটোত।"ৰিমাই প্ৰতিবাদ কৰি কৈছিল , " কিয় দিব লাগেনো সৰু দাদা?"
সেয়ে আৰম্ভণি আছিল পৰেশ বৰুৱাৰ ।ৰিমাৰ লগত কথা পাতি মনত বহুদিন চলি থকা শীতল যুদ্ধ খন অলপ হলেও সাম কাটিছিল। পিছৰ
দিনাখন ৰিমা বিদ্যালয়ৰ পৰা আহি বেগতো থৈছিল মাত্ৰ , বৰুৱাৰ ফোন আহিল , "ৰিমা , তুমি মোৰ ছোৱালী দুজনীক মৰম কৰিবানে? "
কোনো কথা নকোৱাকৈ সেই কথাটো সুধাত ৰিমা অলপ আচৰিত হৈছিল তাই উত্তৰ দিছিল , " সিহঁত দুটাক দেখি বা মোৰ মৰম লাগেনে
নেলাগে "
ফুলৰ বাগিচা খনলৈ চাই ৰিমাৰ মনটো কিবা এটা ভাল লাগি গল, তাতোকৈ ভাল লাগিল ৰেহেনাহতৰ ঘৰৰ মুখ্য দুৱাৰৰ কাষত থকা
তুলসীজোপা। ৰেহেনাহতৰ ঘৰৰ সকলোৱে ৰিমা আৰু মাইনু আহি মাত লগাই চাহ জলপান দিলে ৰেহেনাৰ সৰু ভনীয়েকে মাইনুক খেলিবলৈ
মাতি লৈ গল। ৰেহেনাই ৰিমাক কলে , " কেনে বা পালে বাইদেউ, আমাৰ ঘৰত আহি ?" ৰিমাই ৰেহনালৈ চাই কলে , " বহুত ভাল লাগিল
তাতোকৈ ভাল লাগিল আপোনালোকৰ ঘৰৰ তুলসীজোপা গছ পুলিৰো যে কোনো ধৰ্ম নাথাকে সেই কথা আপোলোকতকৈ কোনে ভালকৈ বুজিব
" ৰেহেনাই সহাৰি জনালে , " গছ পুলিৰ ধৰ্ম নাথাকে , জোনাকৰ ধৰ্ম নথকাৰ দৰে জোনাক সকলোৰে প্ৰিয় , সেই নৈটো বা নৈ পৰীয়া
বতাহজাকৰ একো ধৰ্ম নাথাকে বাইদেউ ধৰ্ম নাথাকে নাৰীৰ গৰ্ভত বা সন্তান জন্ম হোৱা প্ৰথাত। পুৰুষ আৰু নাৰীৰ দৈহিক বা মানসিক কোনো
প্ৰেমতে ধৰ্ম নাথাকে আমাৰ সমাজ সময় বিশেষে সৃষ্টি কৰা ধৰ্মবোৰ আমি বুজন মানুহখিনিয়ে শান্তি পূণ ভাৱে কঢ়িয়াই নিব চেষ্টা কৰিব লাগিব
বাইদেউ " কথাখিনি শুনি ৰিমাৰ পাঠকলৈ মনত পৰি গল। পাঠকৰ দৰেই ৰেহেনাই কথা কৈছে , মানৱ ধৰ্মৰ ৰিমাই অলপ হাউলি মাইনুলৈ
চালে , কাষৰ কোঠাত মাইনুৱে টি. ভি. চোৱাত ব্যস্ত " আজিকালিৰ লৰা ছোৱালী বোৰ যে কি নহয় ; টি . ভি . পৰ্দাত দেখা দূৰৰ
মানুহবোৰৰ অভিনয়ত ইমানেই ব্যস্ত হয় যে ওচৰত সংগ পোৱা মানুহ খিনিক অৱজ্ঞা কৰে আমাৰ দিনবোৰত আমাৰ ঘৰলৈ কোনোবা আহিলে
বা আমি কাৰোবাৰ ঘৰলৈ গলে লগ পোৱা মানুহখিনিৰ লগত কিমান যে কথা পাতিছিলো।" ৰেহেনাইও ৰিমাৰ কথাত হয়ভৰ দিলে। "মাইনুৱে মোক
সদায় কয় আপোনাৰ কথা মইহে আপোনাক লগ কৰিব পৰা নাই মাজে মাজে ঘৰত গৈ থকা হয় যে। " ৰিমাৰ কথাত ৰেহেনাই মনে মনে
থাকিল কোনখন ঘৰৰ বা কথা কলে ভাবিলে ৰেহেনাই মাকৰ ঘৰে হব চাগে।
ৰিমাই একেৰাহে কৈ গৈছিল , " পাঠকক বচাব নোৱাৰিলো মই পাঠক জীৱিত থকাটো বিচাৰিছিলো মোৰ নিজৰ বাবে আমি যে মানুহ , আমি
বহুত স্বাৰ্থপৰ ৰেহেনা পাঠকক মই চিকিৎসা নকৰাকৈ মৰিব এৰি দিব পৰা নাছিলোঁ, মোৰ নিজৰ কাৰণে চিকিৎসকে যি কৈছিল সকলো
কৰিছিলো পাঠকক মই ইমান ভাল পাইছিলো যে তেওঁ নোহোৱাকৈ মই নিজৰ উশাহ নিশাহৰ কল্পনা কৰিব পৰা নাছিলোঁ ।কেতিয়াবা তেওঁ
নথকাকৈয়ে জীয়াই থাকিব পাৰিম বুলি মই ভবায়ে নাছিলো আপুনি চাগে মোৰ বিষয়ে একোৱে নাজানে মোৰ এখন নিজৰ ঘৰ আছে , আমাৰ
নিজ হাতে মৰমত ডাঙৰ কৰা ঘৰ এখন সৰু শিশু এটাক লালন পালন কৰি ডাঙৰ দীঘল কৰাদি আমাৰ ঘৰখন আমি পাতিছিলোঁ, কিনি লোৱা
এটুকুৰা মাটিৰ পৰা এখন ঘৰলৈ পাঠক আৰু মোৰ ঘৰখন "
ৰেহেনাই বুজিলে তাই ভবাৰ দৰে নাছিল কথাটো।
ৰিমাই লক্ষ্য কৰিলে ৰাতিপুৱাৰ পৰা বৰুৱাই বাৰে বাৰে মবাইলটো খুচুৰি আছে বৰুৱাই বাথৰুমত যাওঁতে ৰিমাই মবাইলটো চালে এটা নম্বৰৰ
পৰা দুটা মিচ কল তাৰ পিছত ৰিচিভ কল। নম্বৰটো কাৰো নামেৰে সংৰক্ষণ নাই। বৰুৱা আইটুক গধূলি সুধিলে , " কোনে ফোন কৰিছিল ?
কাৰ নম্বৰ এইটো "
আইটুৱে অলপ সেমেনা সেমেনিকৈ কলে , "মা" বৰুৱাই থিয় দি থকাৰ পৰা বহি দিলে , মানুহজনৰ মনটো বহুত বেয়া লাগিল আইটুৱে
মাকক বহুত ভাল পাইছিল বাবে বৰুৱাই বিজুলী আৰু অমিতৰ সম্পৰ্কৰ কথা জানিও , বিজুলীক বহুত বুজাইছিল জানোচা বিজুলীৱে মনেৰে উভতি
আহেয়ে আইটুৰ মৰমৰ মা হৈ। অমিতক বৰুৱাই বহুত মৰম কৰিছিল , সপোনতো ভবা নাছিল ,বৰুৱাই চিনাকি কৰি দিয়া অমিতে এদিন বৰুৱাৰ
ছোৱালী দুজনীক মাউৰা কৰি দিব। আইটুৰ তেতিয়া ছয় বছৰ, মাইনু পানী কেচুৱা "বিজুলী" বুলি চিঞৰি বৰুৱাই বিজুলীক অমিতৰ সৈতে
যিটো ৰূপত দেখিছিল সেয়া পাহৰিবলৈ বৰুৱাই কৰা সকলো চেষ্টা বিফল হৈছিল বৰুৱাই ছোৱালী দুজনীৰ মুখলৈ চাই বিজুলী আৰু অমিত বহুত
বুজাইছিল হয়তো বৰুৱাই ভালকৈ বুজাব নোৱাৰিলে নেকি , ভাৱে বৰুৱাই আইটু আৰু মাইনু এৰি বিজুলী অমিতৰ লগত গুচি গল ,
একেবাৰে কোনোদিন ওভতি নাহো বুলি প্ৰেম অন্ধ , বুজে বৰুৱাই পিছে মাতৃৰ মমতা কোনটো সময়ৰ পৰা স্বাৰ্থ পৰ হল আজি তাৰ
সমিধান নাপালে বৰুৱাই।
বিজুলী যোৱাৰ পিছত বৰুৱাৰ জীৱনলৈ নামি অহা অপমান আৰু গুচি যোৱা সন্মানৰ বাবে বৰুৱাই অনিচ্ছা সত্বেও আইটুক কোনেও একো নুসোধক
বুলি বাহিৰৰ হোষ্টেলত থলে। আইটুৱে যাওতে জোৰ কৰি মাইনুকো লগত লৈ গল। মাইনুক প্ৰথমতে তিনিবছৰ বয়সলৈ হোষ্টেলৰ আয়া এজনীয়ে
চোৱাচিতাৰ দায়িত্ব ললে যদিও আইটুৱে শ্ৰেণীত নথকা সময়খিনিত মাইনুৰ ওচৰতে আছিল আইটুৱে মাইনুৰ কাষত থকা সময়খিনিত তাইৰ সকলো
পেচাৱ পায়খানাৰ কাপোৰ নিজে ধুইছিল এজনী মাকৰ দৰেই আইটুৱে মাইনুৰ দায়িত্ব লৈছিল , সেই কম বয়সতে ৰাতি শোৱাৰ সময়ত আইটুৰ
মাকলৈ মনত পৰিছিল। সপোনত আইটুৱে সেই দৃশ্যবোৰ বাৰে বাৰে দেখিছিল , কেনেকৈ দেউতাক আৰু মাকৰ কাজিয়া লাগিছিল আৰু আইটুৱে
চিঞৰ বাখৰ কাজিয়া সহ্য কৰিব নোৱাৰি দুই হাতেৰে কাণ দুখন ঢাকি কোঠাৰ চুক বা বিচনাৰ তলত আশ্ৰয় লৈছিল তেতিয়াৰ পৰা আইটুৱে
হাঁহিব,কথা কব এৰি দিছিল মাইনুৰ তিনিবছৰ বয়সত দেউতাকে তাইক আয়াৰ ওচৰৰ পৰা আনি আইটুৰ লগত হোষ্টেলত থৈছিল তাৰ পিছত
এদিন দেউতাকে আইটু আৰু মাইনুক লৈ গল এইবুলি, আজি তোমালোকক সুধিব তোমালোকে মা লগত থাকিবানে দেউতাৰ লগত থাকিবা।
আইটুৱে মাকলৈ চাই আছিল , মা আগৰ দৰেই ধুনীয়া হৈ আছিল কলা কোট পিন্ধা এজনে আইটুক সুধিছিল ,"তুমি কাৰ লগত থাকিবা ?"
বৰুৱাই ভাবিছিল আইটুৱে মাকৰ নামে লব , মাক তাইৰ বুকুৰ আপোন। পিছে মাকৰ পিনে একেথিৰে চাই আইটুৱে দৃঢ়তাৰে কৈছিল , " দেউতাৰ
লগত " বৰুৱা নিজেও আচৰিত হৈছিল মাইনু তেতিয়া তিনিবছৰীয়া ছোৱালী , মাতে নুফুটে ভালকৈ তাইৰ , তাই কৈছিল , " বা লগত
বা বা বা ; বা বহুত ভাল পাওঁ মই " বিজুলীৰ চকুৰ পৰা পানী বাগৰি আহিছিল , আৰ চকুৰে হলেও বৰুৱাই চাইছিল বিজুলী লৈ
বিজুলীয়ে মাইনুক বিচাৰিহে ন্যায়লয়ত কেচ যুজিছিল চকুৰে নেদেখালৈকে কান্দি কান্দি বিজুলীয়ে আইটু আৰু মাইনুক চাই আছিল
বৰুৱা গাড়ীত বহি আইটুক কলে , তুমি চোন মাক ভাল পাইছিলা। আইটুৱে গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চাই কৈছিল, "মনতে নপৰে ভালকৈ ,
তুমি অফিচত তেতিয়া অমিত খুৰাৰ লগত মা নাঙঠ হৈ শুই আছিল মই মা সুধিছিলো, মায়ে থিক কৰি বুজাব পৰা নাছিল কিয় বা
আছিল তেনেকৈ মনত পৰে , অমিত খুৰাই মোক বহুত চকলেট আনি দিছিল অকলে চকলেট খাই খেলি আছিলো তেতিয়া মাইনুৰ জন্ম
হোৱাই নাছিল কথাটো বেয়া নে ভাল নাজানিছিলো তেতিয়া আজিও মাক ভাল পাও ,দেউতা কিন্তু অমিত খুৰাক বহুত বেয়া পাও , সেয়ে
তোমাৰ লগতে গুচি আহিলো।"
অৱশেষত বৰুৱাই সেই ঠাইখনৰ অফিচৰ পৰা বদলি হৈ বৰ্তমানৰ এই ঠাইখনলৈ গুচি আহিছিল আহিয়ে বৰুৱাই আইটু আৰু মাইনুক বাহিৰৰ
হোষ্টেলৰ পৰা আনি তেওঁৰ লগত ৰাখি তাৰে বিদ্যালয়ত নামভৰ্তি কৰায় দিলে। দুজনী ছোৱালীৰ পঢ়া শুনা চোৱা , বিদ্যালয়ত অনা নিয়া কৰা
কামবোৰত কষ্ট দেখি বৰুৱাৰ দাদাক আৰু মাকণিয়ে বৰুৱা বাৰে বাৰে বিয়া কৰোৱাৰ কথা কৈছিল আইটু , মাইনুক বিজুলীয়ে এৰি যোৱাৰ
পিছতো দাদাক আৰু মাকণিয়ে আইটু , মাইনুৰ সকলো দায়িত্ব লৈ সিহঁতৰ লগত ৰখা কথাত খুব জোৰ দিছিল কিন্তু সেইসময়ত বৰুৱা
পলাইছিল সকলোৰে পৰা , কিমানক উত্তৰ দিব তেওঁ আইটু , মাইনুক যাতে কোনেও একো সুধি দুখ নিদিয়ে সেই ভাবিয়ে বৰুৱা সিহঁতক
হোষ্টেলত থৈছিল
মাকণিৰ মৃত্যুৰ সময়তে এসময়ত দূৰ হৈ যোৱা ৰিমা পুনৰ মাকণিৰ ডাঙৰ দাদাকৰ ওচৰ চাপি ভনীয়েক ঠাই কণ অলপ হলেও পূৰণ কৰিছিল
বৰুৱা ডাঙৰ দাদাকে সদায় কৈছিল , " এবাৰ ৰিমাৰ লগত কথা পাতি চাচোন , তেনেকুৱা কষ্ট সহ্য কৰিব পৰা , নিজৰ স্বামী আৰু
সম্পৰ্কবোৰক সন্মান কৰিব পৰা মহিলায়ে তোৰ ছোৱালী দুজনী ভালকৈ গঢ়িব পাৰিব " বৰুৱা সেয়ে ৰিমাক সুধিছিল ছোৱালী দুজনীক
মৰম দিবনে নাই কিয় সুধিলে একো ধৰিব নোৱাৰা ৰিমাই বৰুৱাৰ মুখৰ পৰা সকলো শুনি আচৰিত হৈছিল , দুজনী ছোৱালীক এৰি কেনেকৈ
গুচি যাব পাৰে বাৰু সিহঁতৰ মাতৃ য়ে। ৰিমাই জানো কমখন দুখ পাইছিল , চিকিৎসকে ৰিমা মাতৃ হব নালাগে বুলি জনাওতে। " মা " বুলি
কোনোবাই এই জীৱনত মাতিব বুলি ৰিমাই সপোনত ভবা নাছিল ।সেয়ে ৰিমাই দৌৰি গৈছিল ভানুৰ ওচৰলৈ, দৌৰি গৈছিল দাদাক বৌয়েকৰ
ওচৰলৈ আৰু সুধিছিল বিদ্যালয়ৰ কমিটিক। কমিটিৰ সকলোৱে ৰিমাক মাতৃ বিহীন ছোৱালী দুজনীক আকোঁৱালি লোৱাৰ কথা কৈছিল বৰুৱা
বাবে নহয় ছোৱালী দুজনী বাবে বৰুৱা হতৰ ঘৰখনে কোৱা কথাটো মানি লব কৈছিল ভানুৱেও ৰিমাৰ হাতখনত জোৰেৰে ধৰি কৈছিল ,"
দাদা নহোৱা খালী ঘৰটোত কি আছে , আৱেগৰ বাদে তাত দুজনী ছোৱালী আছে , মৰম আৰু শাসন অবিহনে সিহঁতক চম্ভালগকৈ।" ডাঙৰ
জাজনীয়ে ৰিমাক একো কোৱা নাছিল কিন্তু ভানুৰ বুজনিক হয়ভৰ দিয়া নাছিল ৰিমাৰ বৌয়েকে বহুত সুখী হৈছিল অন্ততঃ ৰিমাই দুজনী
ছোৱালী পাব , সিহঁতৰ লগত ব্যস্ত হৈ থাকিব পাৰিব। কিন্তু ধনে ৰিমাৰ ওচৰত বহি কৈছিল , " নালাগে দে পেহী, এইবোৰত সোমাই তই যদি
আৰু দুখ পাৱ , কষ্ট পাৱ। " ৰিমাই ধনৰ কথাটো ভাবি বৰুৱা নহব বুলিয়েই জনাইছিল পাঠকৰ বছৰেকীয়া শ্ৰাদ্ধৰ পিছত এদিন মাকণিৰ
ডাঙৰ দাদাকে ৰিমাক ফোন কৰি জনাইছিল , মাইনুৰ জ্বৰ হৈছিল , নকমেচোন। পাৰিলে এপাক যাবলৈ ৰিমা গৈছিল , মাইনু কিছু যতন
লৈছিল পিছে উভতি আহিবৰ সময়ত ৰিমাৰ কলিজাটোত যেন কোনোবাই জুই জ্বলাই দিছিল ইমান ধুনীয়া মৰমলগা ছোৱালী দুজনীৰ মা নাই
কষ্ট টো ৰিমাৰ জীৱনত বহুত হৈছিল আৰু অলপ হওঁক বুলি তাই বৌয়েকলৈ ফোন লগাইছিল , " বৌ, মই ছোৱালী দুজনীৰ মা হওনে, মা হব
মন গৈছে "
এতিয়া ৰিমাই ভাবে জীৱনত আহিব লগা প্ৰত্যাহ্বানবোৰক এক দায়িত্ব বুলি
ভানু আহে মাজে মাজে ৰিমাৰ ওচৰলৈ , যাওঁতে ৰিমাৰ ভৰি চুই ভাবে সচাকৈ ৰিমা বাইদেউ য়ে থিকে কৈছিল নাৰীয়ে সকলো কৰিব পাৰে বুলি
ভাবিয়ে সকলোৱে নাৰীক দেৱীৰ ময্যতা দিয়ে ,আৰধনা কৰে।
ৰিমা আজিও যায় সিহঁতে মৰমেৰে গঢ়ি থোৱা নিজৰ ঘৰলৈ বুলি এৰা সিহঁতৰ ঘৰ , পাঠক থাকি গল এখন ফটোৰ মাজত আৱদ্ধ হৈ মন্দিৰৰ
আসনত , ভগৱানৰ কাষত ৰিমাৰ বাবেই ৰিমাই সেই ঘৰৰ প্ৰতি ঠাইতে পাঠকক জীয়াই ৰাখিছে
সেই ঘৰৰ পৰা বৰুৱাৰ ঘৰত ওভতি আহিলে পাঠক গুচি আহে ৰিমাৰ হৃদয়ৰ মাজত সেই পাঠককে কঢ়িয়াই ফুৰা ৰিমাক বৰুৱাই ভূলতেও
শৰীৰেৰে সহবাসৰ কথা নাভাবিলে , জানোচা ৰিমাই দুখ পায়। ৰিমাই দায়িত্ব পালন কৰি গল আইটুৰ বেয়া পোৱা আৰু মাইনুৰ ভাল পোৱাৰ
মাজেৰে ৰিমাই মাইনুক বেছিকৈ মৰম কৰিছিল যেতিয়াৰ পৰা গম পাইছিল , বৰুৱা মাইনুৰ পিতৃ নাছিল
সমাপ্ত
লিখক : @পাপৰি
ৰচনাকাল : 5 oct 2017
সময় : এঘাৰ বজাত ৰাতি

পাপৰি  বৰ্মন

উদালগুৰি